টিংখাঙৰ ৩ নং দিঘলীয়াত আজি পুৱা এক অঘটন সংঘটিত হয় । পানীত পৰি সলিল সমাধি ঘটে তিনিগৰাকীকৈ কিশোৰীৰ । স্থানীয় ৰমেশ খাৰিয়াৰ দুগৰাকী কন্যা ক্ৰমে বেবী খাৰিয়া(১২), সঞ্জনা খাৰিয়া(৬) আৰু একেখন গাঁৱৰে বাবু কেওটৰ কন্যা মণ্টি কেওট(৮)ৰ লগতে অন্য এগৰাকী কিশোৰী পুৱা কঁঠাল আনিবলৈ ঘৰৰ পৰা ওলাই গৈছিল । কঁঠাল লৈ এটা দ-জান পাৰ হওঁতে তিনিগৰাকী কিশোৰী ডুব যায় আৰু স্হানীয় এগৰাকী মহিলা প্ৰাণ বচাবলৈ সক্ষম হয়। হৃদয়বিদাৰক কৰুণ ঘটনাটো বিয়পি পৰাৰ লগে লগেই স্হানীয় লোক ঘটনাস্হলীত উপস্হিত হৈ তিনিগৰাকীক পানীত ডুব আৰু জাল মাৰি মৃত অৱস্থাত উদ্ধাৰ কৰে । ইতিমধ্যে টিংখাং থানাৰ আৰক্ষীৰ এটা দল উপস্হিত হৈ মৃতদেহ কেইটা চমজি লোৱাৰ পাছত মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে । দুৰ্ভাগ্যজনক ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে ।






























