ৰাজ্যত কৰ’নাৰ সংক্ৰমণৰ ভয়াৱহতাৰ মাজতে পুনৰ ক’ভিড-১৯ যোদ্ধা আক্ৰান্ত হৈছে কৰ’নাত ৷ মালিগাঁৱৰ ৰেলৱে হাস্পতালৰ দুগৰাকীকৈ নাৰ্ছ আজি কৰ’নাত আক্ৰান্ত হৈছে ৷ ইতিমধ্যে প্ৰশাসনবিভাগে জৰুৰীকালীনভাৱে দুদিনৰ বাবে হাস্পতালখন বন্ধ ঘোষণা কৰে ৷ উল্লেখযোগ্য যে কোনো ভ্ৰমণ বৃতান্ত নোহোৱাকৈ কৰ্মৰত অৱস্থাত দুগৰাকীকৈ নাৰ্ছ কৰ’নাত আক্ৰান্ত হোৱাত ইতিমধ্যে সমগ্ৰ মালিগাঁও অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ নাৰ্ছ দুগৰাকীৰ সংস্পৰ্শলৈ অহা বহু ৰোগীও যথেষ্ট শংকাত ভোগা পৰিলক্ষিত হৈছে । লগে লগে কৰ্তৃপক্ষই চিকিৎসালয়খনত চেনিটাইজাৰৰ ব্যৱস্থা কৰিছে।
ADVERTISEMENT