সমগ্ৰ দেশত তলাবন্ধ দিয়াৰ পিছত বহিঃৰাজ্যত আৱদ্ধ লোকসকলৰ অৱস্থা শোচনীয় হৈ উঠিছিল ৷এইসময়তে নিজৰ পিতৃক ১২০০ কিলোমিটাৰ চাইকেল চলাই চৰ্চাৰ সন্মুখীন হৈছিল জ্যোতি কুমাৰী ।পিছে জ্যোতিৰ পিতৃৰ প্ৰতি থকা দায়িত্বক ছবিৰ জৰিয়তে ৰূপালী পৰ্দাত উপস্থাপন কৰিব শাইন শৰ্মাই ৷ছবিখনৰ নাম হ’ব ” আত্মনিৰ্ভৰ” ৷
উল্লেখ্য যে এই ছবিখনত মুখ্য চৰিত্ৰত অভিন কৰিব জ্যোতি কুমাৰীয়ে ৷ ছবিখনত জ্যোতিয়ে আৱদ্ধ পিতৃক গুৰুগ্ৰামৰ পৰা বিহাৰলৈ অনা এই সমগ্ৰ দৃশ্যক চিত্ৰায়িত কৰা হ’ব ৷ছবিখন হিন্দী,ইংৰাজী আৰু মৈথিলী ভাষাত নিৰ্মাণ কৰা হ’ব৷ পি টি আইৰ এক প্ৰতিবেদন অনুসৰি আত্মনিৰ্ভৰ ছবিখন গুৰুগ্ৰাম বিহাৰ আদি ঠাইতে দৃশ্যগ্ৰহণ কৰা হ’ব ৷ইফালে,এই সমগ্ৰ ঘটনাটোৰ ওপৰত জ্যোতি কুমাৰীয়ে কয় “যদি মই এই যাত্ৰাত নোযোৱা হ’লে, মোৰ দেউতা ভোকত মৰি গ’লহেঁতেন।আমাৰ সন্মুখলৈ তলাবন্ধৰ পিছত বহু সমস্যা আহি পৰিছিল ৷ঘৰৰ মালিকে আমাক ঘৰৰ পৰা উলিয়াই দিব বিচাৰিছিল। ঘৰৰ ভাৰা দিব নোৱাৰাৰ কাৰণে দুবাৰ বিজুলীৰ সংযোগো বিছিন্ন কৰি দিছিল। মোৰ দেউতাৰ ওচৰত কোনো উপাৰ্জনৰ পথ নাছিল ৷ আৰু আমি যিকোনো প্ৰকাৰে ঘৰত উপস্থিত হ’ব বিচাৰিছিলো ৷”
লগতে জ্যোতিয়ে কয়” প্ৰথমতে মই মোৰ দেউতাক চাইকেলেৰে লৈ অহাৰ কথা ক’লো যদিও তেওঁ মান্তি নহৈছিল ৷তেওঁ মোক বাৰে বাৰে মই নোৱাৰিম বুলি কৈছিল ।ইয়াৰ পিছত মই বেংকৰ পৰা ১০০০ টকা উলিয়াই জমা থকা ৫০০ টকাৰে এখন পুৰণি চাইকেল কিনিলো ৷মই প্ৰত্যেক দিনে ৫০-৬০ কিলোমিটাৰ চাইকেল চলাইছিলো ৷ কিন্তু ডাঙৰ দলঙত চাইকেল চলোৱা কষ্ট হৈছিল ৷ মই পে’ট্ৰল পাম্পত নিশা কটাইছিলো ৷ লগতে ৰাস্তাত খোৱা বোৱা পাইয়ে গৈছিলো।”
আনহাতে বিহাৰৰ জ্যোতি কুমাৰী মহজৰ বয়স ১৫ বছৰ। তলাবন্ধৰ সময়ত প্ৰচণ্ড গৰমকো নেওচি পিতৃক প্ৰায় ১২০০ কিলোমিটাৰ চাইকেলেৰে নিজ গৃহলৈ অনা জ্যোতিৰ কাহিনীক দেশৰ লগতে বিদেশী লোকসকলৰ হৃদয় চুই গৈছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কন্যা ইভাংকাও প্ৰশংসা কৰিছিল জ্যোতিক ৷সম্প্ৰতি ছবিখনত জ্যোতিৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাৰ সন্ধানত আছে পৰিচালক তথা প্ৰযোজক শাইন শৰ্মা।