গৰাকীৰ মৃত্যুত আত্মহত্যা কৰিলে পোহনীয়া কুকুৰে

uttar pradesh kanpur

প্ৰিয়জনৰ আকস্মিক মৃত্যুৰ শোকত অট্টালিকাৰ চতুৰ্থ মহলৰ পৰা জঁপিয়াই আত্মহত্যা কৰে এটি পোহনীয়া কুকুৰে ।ঘটনাটো সংঘটিত হয় কানপুৰত।কুকুৰটোৰ গৰাকী ডাঃ অনিতা ৰাজ স্বাস্থ্যবিভাগত যুটীয়া সঞ্চালকৰূপে কৰ্মৰত আছিল । ১৩ বছৰ পূৰ্বে এখন হাস্পতালৰ সন্মুখৰ পৰাই এই কুকুৰটোক ঘৰলৈ লৈ গৈছিল ডাঃ ৰাজে ।ঠিক তেতিয়াৰে পৰাই কুকুৰটো আৰু ডাঃ ৰাজৰ মাজত গঢ়ি উঠে এক বুজাব নোৱাৰা সম্পৰ্ক।কুকুৰটোক মৰমতে অনিতা ৰাজে জয়া বুলি মাতিবলৈ লয় ।

দিনবোৰ ঠিকেই চলি আছিল কিন্তু তাৰ মাজতেই ঘটিল এই অসহনীয় খবৰ ।কে’বামাহ ধৰি ডাঃ অনিতা ৰাজ ভুগি আছিল বৃক্ক ৰোগত ।সাতদিন পূৰ্বে স্থানীয় এখন হাস্পতালত ভৰ্তি কৰা হয় ডাঃ ৰাজক;কিন্তু প্ৰাণ ৰক্ষা কৰিব পৰা নগ’ল। ডাঃ ৰাজৰ মৃতদেহ ঘৰলৈ অনাৰ সময়ৰে পৰা অবুজ বেদনাত ছটফটাবলৈ লয় জয়াই ।

ইয়াৰ কিছু মুহুৰ্তৰ পাছতে ডাঃ ৰাজৰ ঘৰৰ চতুৰ্থ মহলাৰ পৰা তললৈ জঁপিয়াই দিয়ে জয়াই।নিমিষতে ঘটি যোৱা ঘটনাটোক লৈ স্তম্ভিত হৈ পৰে সকলো ।যোৱা ১৩ বছৰত ডাঃ ৰাজে এদিনলৈকো জয়াক লগৰ পৰা এৰা নাছিল ।সেয়েহে গৰাকীৰ অনুপস্থিতি মানি ল’ব নোৱাৰিলে জয়াই।মৃত্যুৰ পাছতো জয়াকো ডাঃ ৰাজৰ মৃতদেহৰ কাষতে ৰখা হৈছিল।পাছত ঘৰৰ চৌহদৰে এটা কোণত সমাধিস্থ কৰা হয় জয়াক।

Exit mobile version