মহানগৰীতে কৰ’নাত আক্রান্তক নিগেটিভ ৰিপৰ্ট প্ৰদানেৰে বিভ্ৰান্তি

Screenshot 2020 07 04 09 56 34 49 e2d5b3f32b79de1d45acd1fad96fbb0f

কৰ’না নিগেটিভ হিচাপে ফলাফল দিয়া বাবেই মহানগৰীত এজন ব্যৱসায়ীৰ মৃত্যু হোৱা বুলি ভুক্তভোগী পৰিয়ালৰ সদস্যই অভিযোগ কৰে। এই অভিযোগ কৰি মহানগৰীৰ জাপৰিগোগ নিবাসী নমিতা শৰ্মাই কয়, ‘ব্যৱসায় সূত্ৰে মোৰ স্বামী শিৱৰাম শৰ্মাই বিভিন্ন লোকৰ সংস্পৰ্শলৈ আহে। ইয়াৰ বাবে যোৱা ২৪ জুনত জি এম চি হাস্পতালত লেলাউটিৰ নমুনা জমা দিয়ে। ইয়াৰ পিছদিনাই অৰ্থাৎ ২৫ জুনত কৰ’নাৰ অৱস্থিতি ধৰা পৰা বুলি অৱগত কৰে আৰু এম্বুলেন্স আহিব বুলিও তেওঁ জনায়। কিন্তু এম্বুলেন্স অহাটো বাদেই সিদিনা কোনোধৰণৰ খবৰেই নকৰিলে। পিছদিনা অর্থাৎ ২৬ জুনত পুনৰ ফোন কৰি নিগেটিভ বুলি জনায়। কিন্তু এই কথা মানি ল’বলৈ টান পাই নিগেটিভৰ ৰিপৰ্ট দিবলৈ কোৱাত যোৱা ২৭ জুনত ঘৰতে স্বাস্থ্যকৰ্মীয়ে নিগেটিভৰ ৰিপৰ্ট দি থৈ যায়।’

ইয়াৰ মাজতে ব্যৱসায়ীজন অসুস্থ হৈ পৰা বুলি অৱগত কৰি তেওঁ কয় যে কৰ’নাৰ ফলাফল নিগেটিভ আহিলেও তেওঁ হঠাৎ অসুস্থ হৈ পৰে। সেয়েহে তেওঁ এপ’ল হাস্পতালৰ সতে যোগাযোগ কৰে যদিও তেওঁলোকে প্ৰয়োজনীয় সঁহাৰি নিদিয়ে । পাছত জু-ৰোড স্থিত মিডলেণ্ড হাস্পতালত ভৰ্তি কৰোৱা হয়। মিডলেণ্ড হাস্পতালৰ কৰ্তৃপক্ষই বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰাৰ লগতে পুনৰ ক’ভিড পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰে। অৱশ্যে জি এম চি হাস্পতালৰ পৰা দিয়া ৰিপৰ্টটো দেখুওৱাৰ বাবে প্ৰয়োজনীয় চিকিৎসা আৰম্ভ কৰে। নিম’নিয়াৰ সংক্ৰমণ বৃদ্ধিৰ ফলত তেওঁৰশ্বাস প্ৰশ্বাস লোৱাত কষ্ট অনুভৱ কৰে। সেয়েহে তেঁওক আই চি ইউত ভৰ্তি কৰোৱা হয় যদিও স্বাস্থ্যৰ কোনো উন্নতি নহল। ক্ৰমাৎ স্বাস্থ্যৰ অৱনতিহে ঘটে। লগে লগে মিডলেণ্ড হাস্পতালৰ কৰ্তৃপক্ষই আয়ুৰচন্দ্ৰা হাস্পতাল কৰ্তৃপক্ষৰে যোগাযোগ কৰি ৩০ জুনত শর্মাক আয়ুৰচন্দ্ৰা হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হয়। অত্যন্ত সংকটজনক অৱস্থাত পহিলা জুলাইৰ বিয়লি শৰ্মাই শেষ নিশ্বাস ত্যাগ কৰে বুলি চিকিৎসকে জনায়।

‘প্ৰয়োজনীয় বিল আদায় দিয়াৰ পাছত হাস্পতাল কৰ্তৃপক্ষই অৱগত কৰে যে মোৰ স্বামীৰ শৰীৰত কৰ’নাৰ অৱস্থিতি ধৰা পৰিছে। সেয়েহে মৃতদেহটো আমাক গতাই নিদিয়ে।অথচ মৃতদেহ ঘৰলৈ আনি নৱগ্ৰহ চশনত শেষকৃত সম্পন্ন কৰাৰ বাবে আত্মীয়-স্বজনে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছিল । পাছত সিদিনাই আয়ুৰচন্দ্ৰা হাস্পতাল কৰ্তৃপক্ষই মৃতদেহটো এখন এম্বুলেন্সত লৈ ওৰে নিশা মহানগৰীত ইফালৰ পৰা সিফাললৈ ঘূৰাই ফুৰে । পিছে পিছে আন গাড়ীত আমি । আৰু শুক্ৰবাৰে পুৱা প্ৰায় ৫-৩০ বজাত মৃতদেহটো জি এম চি হাস্পতালৰ মৰ্গত ৰখাৰ ব্যৱস্থা কৰে।’ মহিলা গৰাকীয়ে এইদৰে কয়।

মৃতদেহটো মৰ্গতে থকাৰ কথা উল্লেখ কৰি তেওঁ পুনৰ কয় যে জি এম চি হাস্পতাল কৰ্তৃপক্ষই যদি কভিদ পৰি ফলাফল শুদ্ধকৈ দিলেহেতেন, তেতিয়া অন্ততঃ মানুহজনক হেৰুৱাবলগীয়া নহলহেঁতেন । এবাৰ কৰ’নাত আক্ৰান্ত হোৱা বুলি আৰু এবাৰ কৰ’নাত আক্ৰান্ত নোহোৱা বুলি ৰিপৰ্ট দিয়া বাবেই আজি তেওঁৰ স্বামীক হেৰুৱাবলগীয়া হল বুলি আক্ষেপ প্রকাশ কৰে। অথচ কালিৰ পৰা মৃতদেহটো মৰ্গত পৰি থকাৰ পাছতো শেষকৃত সম্পন্ন কৰা হল নে নাই সেই সম্পৰ্কে অৱগত কৰা নাই বুলিও নমিতা শৰ্মাই কয়। মহানগৰীৰ পল্টনবজাৰস্থিত ‘ফিট ইণ্ডিয়া’ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী শিৱৰাম শৰ্মাৰ ভ্ৰাতৃ যোগেন শৰ্মাৰ শৰীৰটো শেহতীয়াকৈ কৰ’নাৰ অৱস্থিতি ধৰা পৰে।

বৰ্তমানে যোগেন শৰ্মা ক’ভিদ হাস্পতালত ভৰ্তি হৈ থকা বুলিও তেওঁ কয়। ক’ভিদ ফলাফল ঘোষণাৰ খেলি মেলিৰে ৰাইজৰ জীৱনক লৈ হেতালি নেখেলিবলৈও মহিলাগৰাকীয়ে আহ্বান জনায়। ইপিনে, ফিট ইণ্ডিয়াৰ অন্যতম কৰ্মচাৰী তথা মঙ্গলদৈৰ নিজডাহী নিবাসী দিলীপ চমুৱাই সম্প্ৰতি তলাবন্ধৰ বাবে ঘৰত উপস্থিত হয় । কিন্তু তেওঁ আছুটীয়াকৈ থকাৰ পৰিৱৰ্তে অঞ্চলটোত ঘূৰি ফুৰাৰ অভিযোগ উঠিছে । লগতে জি এম চিৰ মৰ্গত পৰি থকা শিৱৰাম শৰ্মাৰ নশ্বৰদেহ শীঘ্ৰে সৎকাৰৰ ব্যৱস্থা কৰিব বুলি সাংসদ দিলীপ শইকীয়া আৰু বিধায়ক গুৰুজ্যোতি দাসে আশ্বাস দিয়া বুলি পৰিয়ালৰ লোকে জনায়।

Exit mobile version