সাধাৰণতে ফুচকা বুলি ক’লেই মুখলৈ পানী আহে । হাতত বাতি লৈ ফুচকাৱালাৰ কাষত জুম বান্ধি ৰৈ থকা দৃশ্য তেনেই সুলভ ।কৰ’না সংক্ৰমণ তথা তলাবন্ধৰ বাবে ফুচকা প্ৰেমী সকলে সোৱাদ ল’ব পৰা নাই ফুচকাৰ। পিছে এটা সু-খবৰ আহিছে ফুচকা প্ৰেমী সকলৰ বাবে । বুটাম টিপিলেই ওলাব ফুচকা । এতিয়া দেশত উপলব্ধ হৈছে ‘ফুচকা এ টি এম ‘ । এই যন্ত্ৰত টকা ভৰাই দিলেই এটাৰ পাছত আনটোকৈ পৰিবলৈ ল’ব ফুচকা । এই এ টি এম ৰ পৰা ফুচকা ওলাই আহিলেও বিচৰা মতে তেঁতেলী পানীৰ জোল লাভ নকৰিব ।
সদ্যহতে অধিক জোল লাভ কৰাৰ কোনো সম্ভাৱনা নাই । অৱশ্যে ফুচকা এ টি এমত কৰ’না সংক্ৰমণৰ কোনো আশংকা নাই।এটি বুটাম টিপিলেই এ টি এম টো সম্পূৰ্ণভাৱে ছেনিটাইজ হৈ যাব । ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে ফুচকা এ টি এমৰ ভিডিঅ’ । ভিডিঅ’টোত দেখা গৈছে মানুহৰ সাহায্য অবিহনেই ফুচকাত মছলা আৰু পানী মিহলাই সৰবৰাহ কৰি থকা হৈছে । মানুহৰ সংস্পৰ্শৰ কোনো আশংকা নাই এই এ টি এমত । প্ৰতিগৰাকী গ্ৰাহকৰ অন্তৰে অন্তৰে ছেনিটাইজ হৈ থাকে ফুচকা এ টি এম । এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত বিভিন্ন জনে মন্তব্য আগবঢ়াইছে।