পজিটিভ নিগেটিভৰ পাকচক্ৰত দিকভ্ৰান্ত ৰাইজঃভুক্তভোগীৰ প্ৰশ্ন

123597 coronavirus 2

প্ৰতিনিয়ত ৰাজ্যত বৃদ্ধি পাইছ কৰ’নাত আক্ৰান্তৰ সংখ্যা ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কৰ’নাৰ পজিটিভ নিগেটিভৰ পাক চক্ৰত দিকভ্ৰান্ত হৈছে সাধাৰণ ৰাইজ ৷ বিশেষকৈ ক’ভিড পৰীক্ষাৰ ফলাফল নিগেটিভ অহাৰ পাছত লেলাউটিৰ নমুনা দিয়া লোকক পজিটিভ অহা বুলি কৈ ক’ভিড হাস্পতাললৈ নি পাছত ঘৰলৈ ওভতাই পঠিওৱাৰ ঘটনা সংঘটিত হৈছে ৷ স্বাস্থ্য বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ এনে কাৰ্যত শেহতীয়াকৈ মানসিকভাৱে ভাগি পৰিছে মহানগৰীৰ এগৰাকী মহিলা ৷ খানাপাৰাস্থ ক’ভিড হাস্পতালৰ পৰা উভতি গৈ বৰ্তমানে নিজ গৃহত নিজাববীয়াকৈ কোৱাৰেন্টাইনত থকা সোণাপুৰৰ বৰ্ণালী ডেকাই কয়, ক’ভিড-১৯ ৰ পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছে। অথচ পজিটিভ বুলি কৈ মোক খানাপাৰাস্থ ক’ভিড-১৯ হাস্পতাললৈ নিয়ে এম্বুলেন্সেৰে ৷ ক’ভিড১৯ পৰীক্ষাৰ নিগেটিভ ফলাফল দেখুওৱাৰ কিছু সময় পাছত মোক ঘৰলৈ পঠিয়াই দিয়ে ৷বৰ্তমান মই ঘৰতে নিজাববীয়াকৈ কোৱাৰেন্টাইনত আছো ৷এই ঘটনাই মানসিকভাৱে মোক বৰ অশান্তি দিছে।”

অভাৱনীয় পৰিস্থিতিৰ বিৱৰণ দাঙি ধৰি তেওঁ কয়, বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কনিষ্ঠ প্ৰশাসনিক বিষয়া নিতেন কলিতা সমন্ধত মোৰ ভিনদেউ ৷ কিছুদিন পূৰ্বে তেওঁ সপৰিয়ালে মোৰ ঘৰলৈ আহে ৷ পাছত কৰ’নাত আক্ৰান্ত ধুবুৰীৰ এজন লোকৰ সংস্পৰ্শলৈ অহাত তেওঁৰ শৰীৰত কৰ’নাৰ অৱস্থিতি ধৰা পৰে ৷ ইয়াৰ বাবে সাৱধানতাৰ খাতিৰত পৰিয়ালৰ সকলোৱে যোৱা ২৬ জুনত ক’ভিড-১৯ পৰীক্ষাৰ বাবে লেলাউটিৰ নমুনা দিও । মোৰ স্বামী হৰি বৈশ্য বণিয়া স্বাস্থ্য বিভাগৰে কৰ্মচাৰী ৷ স্বাস্থ্য কৰ্মীয়ে আমাৰ ঘৰৰ পৰা লেলাউটি নমুনা নিয়ে আৰু ফোন কৰি কৰ’নাত আক্ৰান্ত বুলি অৱগত কৰে । পাছত ১০৮ এম্বুলেন্সৰ জৰিয়তে মোক খানাপাৰালৈ নি ক’ভিড হাস্পতালৰ চাৰি নম্বৰ হলত ৰখাৰ ব্যৱস্থা কৰে ৷

তেতিয়াই নিজৰ এছ আৰ এফ নম্বৰটোৰে ৱেবছাইট ফলাফল কি চাব বিচৰাত ফলাফল নিগেটিভ দেখুৱায়। কেৱল মোৰে নহয় পৰিয়ালৰ আন সদস্যৰো নিগেটিভ অহাত সমগ্ৰ সমগ্ৰ বিষয়টো কতৰ্ব্যৰত চিকিৎসকক অৱগত কৰোঁ ৷ ইয়াৰ পিছত নিগেটিভ বুলি জনায় এখন ডিছচাৰ্জ প্ৰমাণপত্ৰ প্ৰদান কৰে বুলি কয় মহিলাগৰাকীয়ে ৷ ক’ভিড হাস্পতালৰ পৰা ঘূৰি আহিলেও এতিয়া মহিলাগৰাকী কোৱাৰেন্টাইনতে আছে । এনে ঘটনাৰ পুনৰাবৃত্তি নিবিচাৰো ৷ কথাবোৰ ভাবিলে এতিয়া মনটো বেয়া লাগি যায় । ডেকাই এইদৰে কয়। লগতে ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি নকৰিবলৈ স্বাস্থ্য বিভাগক আহ্বানক কৰে ৷

Exit mobile version