কৰ’না আক্ৰান্ত লোকৰ বৰ্দ্ধিত সংখ্যাই কৰ’নাৰ হটস্পট ৰূপে চিহ্নিত কৰিছে পাণ্ডু,মালিগাঁৱক ৷ লকডাউনৰ প্ৰথম চোৱাত এক শ্ৰেনীৰ মানুহে সকলো ধৰনৰ নীতি নিয়ম উংলঘা কৰাৰ ফল ভুগিছে সমগ্ৰ অঞ্চলটোৱে ৷ দৈনিক মালিগাঁৱৰ পৰাই গড় হিচাপত ৫০ ৰো অধিক লোকৰ দেহত ধৰা পৰিছে মহামাৰী কৰ’না ৷তাৰ পিছতো একোপধ্যেই গা লৰা নাই একাংশ বিবেকহীন নাগৰিকৰ ৷
যিহেতু সাময়িকভাবে জনতাৰ সুবিধাৰ্থে লকডাউন শিথিল কৰা হৈছে, কিন্তু ইয়াৰ সুযোগ গ্ৰহণ কৰি একাংশ বিবেকহীন লোকে পু্ৱাৰে পৰা কোনো জৰুৰী কাম নথকাকৈ তহল দি আছে সমগ্ৰ অঞ্চলটোত ৷ এনে লোক সকলক এশিকনি দিবলৈ কঠোৰ আৰক্ষী। ACP জয়ন্ত বৰুৱাৰ নেতৃত্বত জালুকবাৰী আৰক্ষীয়ে পুৱাৰে পৰা পৃথক পৃথকৈ চলা অভিযানত আৰক্ষীয়ে কেইবাজনো দোকানী ,আৰু ৫ খনৰো অধিক বাহন জব্দ কৰে ৷ আৰক্ষী প্ৰশাসন যিমানেই কঠোৰ নহওঁক কিয় এনে অবিবেচক লোকৰ চিন্তাধাৰাৰ পৰিৰ্ৱতন নহলে অনাগত দিনত পাণ্ডু, মালিগাঁওত এক ভয়াবহ পৰিস্থিতিৰ মুখা মুখী হ’ব সেয়া নিশ্চিত হৈ পৰিছে ৷