চতুৰ্দশ বিত্তীয় আয়োগৰ ধন আত্মসাৎ কৰাৰ অভিযোগ তুলি হোজাই জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান

WhatsApp Image 2020 07 08 at 5.34.01 PM

হোজাইৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰহাওৰ গাঁও পঞ্চায়তত চতুৰ্দশ বিত্তীয় আয়োগৰ ধনেৰে আঁচনি ৰূপায়নৰ নামত ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰি স্থানীয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এক প্ৰতিনিধি দলে শুক্ৰবাৰে হোজাই জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰি তদন্তৰ দাবী জনাইছে ৷ স্মাৰকপত্ৰত উল্লেখ কৰা মতে বৰহাওৰ গাঁও পঞ্চায়তত চৰকাৰী আঁচনি ৰূপায়নৰ নামত লক্ষ লক্ষ টকা চৰকাৰে আবণ্টন দিয়ে  ৷ য’ত চৰকাৰী বিধি অনুসৰি স্থানীয় নিকা ভাৱমূৰ্তিৰ লোকক লৈ প্ৰতিটো আঁচনি তথা নিৰ্মাণ কাৰ্যত একোটা কমিটি গঠন কৰি কাম সম্পাদন কৰিব লাগে  ৷

কিন্তু স্থানীয় ৰাইজক অৱগত নকৰাকৈ পঞ্চায়তৰ সভাপতি আৰু সচিবে নিজৰ সম্বন্ধীয়ক অন্তৰ্ভুক্তিৰে নিজ ঘৰতে বহি চৰকাৰী নীতি নিৰ্দেশনাক একপ্ৰকাৰ বুঢ়া আঙুলি দেখুৱাই কমিটি গঠন কৰি চৰকাৰী আবণ্টিত ধন আত্মসাৎ কৰাৰ পৰিকল্পনা ৰচিছে ৷ এই অভিযোগ উত্থাপন কৰি স্থানীয় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অৰ্ধ শতাধিক সচেতন নাগৰিকৰ স্বাক্ষৰিত এখন স্মাৰকপত্ৰ হোজাই জিলা উপায়ুক্ত ডঃ চাদনেক সিং, ডবকা ৰাজহ চক্ৰ বিষয়া, বিন্নাকান্দি খণ্ড উন্নয়ন বিষয়াক প্ৰদান কৰে ৷ এতিয়া ৰাইজৰ বৃহৎ স্বাৰ্থত এক উচিত তদন্তৰ দাবী জনাইছে সচেতন ৰাইজে ৷

Exit mobile version