দুসপ্তাহৰ ভিতৰত আছুৰ দল

aasu

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ মাজতে শাসক দল বিজেপি অথবা অসম গণ পৰিষদেই নহয়, আন দলবোৰেও আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰতা অব্যাহত ৰাখিছে । চৰকাৰ গঠনৰ লক্ষ্যৰে প্ৰধান বিৰোধী দল কংগ্ৰেছে ইতিমধ্যে সক্ৰিয়তা বৃদ্ধি কৰিছে ৷ এ আই ইউ ডি এফেও আন্তঃদলীয় কাম কাজ আগবঢ়াই নিছ ৷শাসক বিৰোধী দলবোৰৰ এনে তৎপৰতাৰ মাজতে ৰাজ্যত কে’বাটাও নতুন দল আৰু মৰ্চা গঠনৰ প্ৰস্তুতি তুংগত উঠিছে ৷ ইতিমধ্যে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত দুটা আঞ্চলিক দলে মিলি আঞ্চলিক গণ মৰ্ছা নামেৰে এখন ঐক্যমঞ্চ গঠন কৰে ৷

নিৰ্বাচনকেন্দ্ৰিক ৰাজনৈতিক এনে তৎপৰতাৰ মাজতে আগন্তুক দুসপ্তাহৰ ভিতৰত আনুষ্ঠানিক ৰূপ পাব সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ নেতৃত্বত গঠন হ’বলগীয়া বহুচৰ্চিত নতুন দলে । ইমানদিনে আছুৰ প্ৰস্তাৱিত দলটোৰ সম্পৰ্কে ৰাইজৰ লগতে সংগঠনটোৰ নেতৃত্ববৃন্দৰ মাজত চৰ্চা চলি আহিছিল ৷ সিয়েই এতিয়া আনুষ্ঠানিক ৰূপ লোৱাৰ পথত ৷ ইয়াৰ লগে লগে নতুন আৰু এটা দল ভূমিষ্ঠ হোৱাটো নিশ্চিত হ’ল ৷ আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে এই সম্পৰ্কত “দৈনিক অগ্ৰদূত”ৰ আগত কয় যে অহা ১০-১৫ দিনৰ ভিতৰত দল গঠনৰ বিষয়টোৱে আনুষ্ঠানিক ৰূপ পাব যদিও তাৰ পাছতহে মূল বিষয়বোৰ আগবাঢ়িব ৷ মূল বিষয়টোক আনুষ্ঠানিক ৰূপ দিয়াৰ কাম কাজ ক্ষিপ্ৰ কৰা হৈছে আৰু সেই পৰ্যায় পাবলৈ হয়তো দুসপ্তাহ লাগিব ৷

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গঢ়ি উঠা আন্দোলনেই নতুন দলটোৰ পটভূমি। যোৱা ডিচেম্বৰৰ পৰা অসমত সেই আন্দোলনে ভৰপক ৰূপ লয় ৷ আছুৱে এই আন্দোলনৰ এটা বৃহৎ অংশক নেতৃত্ব দিয়ে ৷ প্ৰায় ৩০ টা বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠন, কৰ্মচাৰী পৰিষদ, নাগৰিক সমাজে সেই আন্দোলনত গুৰুত্বপূৰ্ণ অংগৰূপে অংশ লয় ৷ ইফালে দল গঠনৰ সমান্তৰালভাৱে চৰ্চা হৈছে প্ৰাৰ্থিত্বকেন্দ্ৰিক বিষয়ো । চৰ্চা অনুসৰি লুৰিণজ্যোতি গগৈয়ে নাহৰকটীয়াত প্ৰতিদ্বন্দ্বিতা কৰিব । যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশৰঞ্জন চাংমাই চৰ্চিত হৈছে সোণাৰি সমষ্টিৰ সাম্ভাৱ্য প্ৰাৰ্থীৰূপে ৷ আছুৰ সভাপতি দীপাংক  কুমাৰ নাথে গোৱালপাৰা পূব সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে ৷ ইয়াৰ উপৰি আছু নেতৃত্বৰ লগত যোগাযোগ ৰাখিছে কে’বা জনো শিল্পী সাহিত্যিকে ৷ ইয়াৰ ভিতৰত অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ নাম চৰ্চালৈ আহিছে । কিন্তু ইয়াৰে কিমানজনে প্ৰাৰ্থীত্ব লাভ কৰিব সেয়া হ’ব লক্ষ্যণীয়।

Exit mobile version