বতাহত কৰ’না ভাইৰাছ বিয়পোৱাৰ সন্দৰ্ভত কি ক’লে ভাৰতীয় বিশেষজ্ঞই

3coronavirus 82

বিশ্ব স্বাস্থ্য সংস্থাই মংগলবাৰে সদৰী কৰিছিল যে কৰ’না ভাইৰাছ বতাহৰ দ্বাৰা সংক্ৰমণ হয় । হুৰ এই তথ্যৰ পিছতে লোকসকলৰ মাজত আতংকই বিৰাজ কৰে ৷ অৱশ্যে ভাৰতীয় বিশেষজ্ঞসকলে প্ৰকাশ কৰে যে এই ক্ষেত্ৰত চিন্তাৰ কোনো কাৰণ নাই । এই ভাইৰাছ বতাহত অস্থায়ী ৰূপতহে থাকে ৷ ইয়াৰ অৰ্থ এইটোও নহয় যে এই ভাইৰাছটো সকলো ঠাইতে বিয়পি পৰিব আৰু সকলোকে সংক্ৰমিত কৰিব ৷ গতিকে সকলোৱে মাস্ক পৰিধান কৰা উচিত ৷

ভাৰতীয় এগৰাকী বিশেষজ্ঞৰ মতে “যেতিয়া কোনো লোকে কথা কয় তেতিয়া মুখৰ কিছু কণিকা বাহিৰলৈ যাব পাৰে ৷ গতিকে সকলোৱে দীৰ্ঘদিন সময় ধৰি মাস্ক পৰিধান কৰিব লাগে । ডা° ৰাকেশ মিশ্ৰা নামৰ এগৰাকী বিশেষজ্ঞই কয় যে ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ লোৱা কিছুমান দিশ নিৰ্দেশৰ বাহিৰে সম্প্ৰতি জীৱন ধাৰণাৰ শৈলী সলনি কৰিব নালাগে । গতিকে ভয় কৰাৰ কোনো কাৰণ নাই । সেয়েহে আমি সকলোৱে মাস্ক পৰিধান কৰাটো জৰুৰী ৷ লগতে সামাজিক দূৰত্ব বৰ্তাই ৰখাটোও সম পৰিমাণে জৰুৰী ৷”

Exit mobile version