মস্তিষ্কৰ ক্ষতি কৰিব পাৰে কৰ’নাই

corona

কৰ’না ভাইৰাছে মানুহৰ মস্তিষ্ককো নিষ্ক্ৰিয় কৰি তুলিব পাৰে । ইমান দিনে কভিড-১৯ৰ মূল লক্ষণ হিচাপে ধাৰণা কৰা হৈছিল শ্বাসকষ্ট, পানীলগা, নিউম’নিয়া । কিন্ত সময় আগবঢ়াৰ লগে লগে ক’ভিড-১৯ ৰ লক্ষণবিলাকত আৰু অধিক নতুন লক্ষণ সংলগ্ন হৈছে । পেটৰ অসুখ আৰু বমিকো এতিয়া ক’ভিড -১৯ ৰ লক্ষণ হিচাপে ধৰা হৈছে । অৱশ্যে লক্ষণ বৃদ্ধিৰ সমান্তৰালভাৱে গৱেষকে মস্তিষ্কলৈ ক্ষতি কৰিব পাৰে বুলি কৰা ঘোষণাই চিন্তা অধিক বৃদ্ধি কৰিছে । স্নায়ুতন্ত্ৰক বিকল কৰি তুলিবও পাৰে এই ভাইৰাছবিধে । এনে হ’বলৈ হ’লে সাময়িক অথবা স্থায়ীভাৱে মনৰ উদ্দীপনা হ্ৰাস কৰাৰ লগতে প্ৰলাপ বকিবলৈ লোৱাৰ দৰে উপসৰ্গ দেখা দিব পাৰে ।

ইউনিভাৰচিটি কলেজ লণ্ডনৰ এদল গৱেষকে ৪৩ জন কৰ’না আক্ৰান্তক পৰীক্ষা কৰাৰ পাছত এনে সম্ভাৱনা ব্যক্ত কৰিছে । কৰ’না আক্ৰান্ত হোৱাৰ পাছত এই ৪৩ জনৰ ভিতৰত বহুকেইজনৰ মস্তিষ্কই সাময়িকভাৱে কাম-কাজ কৰা বন্ধ কৰি দিছিল । ইয়াৰে বহুজনৰ ষ্ট্ৰোক হোৱাৰ লগতে একাংশৰ স্নায়ুতন্ত্ৰৰো ক্ষতি হৈছে । মানসিকভাৱে সম্পূৰ্ণ সুস্থ লোকজন কৰ’না আক্ৰান্ত হোৱাৰ পাছত ব্যৱহাৰত যথেষ্ট পৰিৱৰ্তন হ’বলৈ ধৰে ।

চিকিৎসকে জনোৱা অনুসৰি লোকজনে নিজ কোঠাৰ বেৰতে জন্তুৰ ছাঁ দেখিবলৈ আৰম্ভ কৰিছিল। ‘এন্টি চাইকোটিক’ ঔষধৰ দ্ৰুতভাৱে ব্যৱহাৰ কৰিবলৈ লোৱাৰ পাছতহে তেওঁৰ স্বাস্থ্যৰ উন্নতি হ’বলৈ ধৰে । কানাডাৰ ৱেষ্টাৰ্ণ ইউনিভাৰচিটিৰ স্নায়ুবিজ্ঞানী আড্ৰিয়ান অ’ৱেনে জনোৱা অনুসৰি সমগ্ৰ বিশ্বত এতিয়া লাখ লাখ মানুহ কৰ’নাত আক্ৰান্ত হৈছে । এবছৰ পাছত যদি দেখা যায় যে কৰ’নাৰ পৰা সুস্থ হৈ উঠা বৃহৎসংখ্যক মানুহৰ মস্তিষ্কৰ ক্ষতি হয়, তেন্তে এই লোকসকলে কাম-কাজ কৰাৰ ক্ষমতা হেৰুৱাই পেলাব । সমগ্ৰ বিষয়টোক লৈ গৱেষক সকলে সকলোকে সতৰ্ক কৰি দিছে ।

Exit mobile version