শীঘ্ৰেই বজাৰলৈ আহিব জেমছ বণ্ডৰ গাড়ী

Screenshot 2020 07 10 18 32 07 11 e2d5b3f32b79de1d45acd1fad96fbb0f

হলিউডৰ একচন ধর্মী ছবি উপভোগ কৰা সকলে নিশ্চয় দেখা পাইছে জেমছ বণ্ডৰ বিশেষ প্ৰযুক্তি সম্পন্ন গাড়ী । এই গাড়ীত বহি যাত্ৰাৰ সোৱাদ ল’বলৈও বহুতে হয়তো কল্পনা কৰে । অৱশ্যে এতিয়াৰে পৰা তেনে স্বপ্নবিলাসী লোকেও ক্ৰয় কৰিব পাৰিব জেমছ বণ্ডৰ সেই হাই-টেক যুক্ত গাড়ী । উল্লেখ্য যে জেমছ বণ্ড শৃংখলাৰ অধিকাংশ ছবিতে এষ্টন মাৰ্টিন গাড়ী চলোৱা দেখা গৈছে ‘এজেন্ট ০০৭’ক । এইবাৰ বণ্ডে ব্যৱহাৰ কৰা বিলাসী গাড়ীয়ে সাধাৰণ লোকৰ বাবেও অপেক্ষা কৰিছে । সাধাৰণ মানুহৰ বাবে সম্প্ৰতি মাত্ৰ ২৫ খন গাড়ী নিৰ্মাণ কৰিছে এষ্টন মাৰ্টিনে । ছবিত দেখা গাড়ী খনত আছিল নম্বৰ সলনি হোৱা ৰিভলভিং নম্বৰপ্লেট , গুলি প্ৰতিৰোধ কৰাৰ বাবে পাছফালৰ ঢাল, গীয়েৰ ষ্টিকত এটা বিশেষ বুটামসহ অনেক সুবিধা।

এইবাৰ সাধাৰণ ক্রেতাসকলৰ বাবেও এনে বহুতো বৈশিষ্ট্যসম্পন্ন গাড়ী এষ্টন মাৰ্টিনে বজাৰলৈ অনাৰ বাবে সাজু হৈছে । পিছে, ছবিত যিবোৰ সুবিধা দেখুওৱা হৈছে, তাৰ সকলো বোৰ সুবিধা অৱশ্যে সাধাৰণ মানুহৰ বাবে ৰাখিব পৰা নাযাব । সেয়ে সেইবোৰ গেজেট কেৱল প্ৰতীকী ৰূপত গাড়ীত ৰখা হৈছে । শত্ৰুৰ গাড়ীক সমস্যাত পেলাবলৈ ৰাস্তাত তেল ঢলাৰ যি ব্যৱস্থা আছিল, তাৰ পৰা পানী ওলোৱাৰ ব্যৱস্থা ৰখা হৈছে । অৱশ্যে ছিট ইজেকচন ৰখা হোৱা নাই । তথাপি যাত্ৰীৰ দিশৰ ছাদ আঁতৰাই দিয়াৰ ব্যৱস্থা ৰাখিছে । এই গাড়ী খনৰ মূল্য ভাৰতীয় মুদ্ৰাত প্ৰায় ৩১ কোটি টকা ।

Exit mobile version