বিশ্বজুৰি কৰ’না পৰিস্থিতিয়ে দেশৰ অৰ্থনীতি আৰু স্বাস্থ্য আন্তঃগাঁথনিত নজিৰবিহীনভাৱে আঘাত হানিছে। এই দৰে মত প্ৰকাশ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে ৷সপ্তম এছ বি আই ৰেংকিং এণ্ড ইক’নমিক কনক্লেভ” উপলক্ষে এক ভিডিঅ’ কনফাৰেন্সৰ আয়োজন কৰা হয় ৷
এছ বি আইৰ দ্বাৰা আয়োজিত উক্ত কনক্লেভত ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ দাসে কয় বিগত এশ বছৰৰ ভিতৰত ভাৰতৰ অৰ্থনীতি আৰু স্বাস্থ্য ক্ষেত্ৰত এনে বিপৰ্যয়ে দেখা দিয়া নাই ৷কৰ’নাৰ বিৰূপ প্ৰভাৱ যে চাকৰি ক্ষেত্ৰত পৰিছে সেই কথাও উক্ত কনফাৰেন্সত জনায় দাসে ৷তেওঁ কয় “বিগত ১০০ বছৰৰ ভিতৰত অৰ্থনীতি আৰু স্বাস্থ্য খণ্ডত সৰ্বাধিক বৃহৎ বিপৰ্যয়ৰ নাম ক’ভিড১৯ ৷ ইয়াৰ ফলত উৎপাদন আৰু চাকৰি খণ্ডত প্ৰবল নেতিবাচক প্ৰভাৱ পৰিছে ৷
ব্যাহত হৈছে শ্ৰমিক আৰু পুঁজি চলাচল আৰু গ্ল’বেল ভেল্যু চেইন ৷এই ভিডিঅ’ কনফাৰেন্সত উপস্থিত আছিল এছ বি আইৰ অধ্যক্ষ ৰজনীশ কুমাৰ ৷চলিত বৰ্ষৰ ফ্ৰেব্ৰুৱাৰীৰ পৰা বজাৰত ৯.৫৭ লাখ কোটি নগদ যোগানৰ ব্যৱস্থা কৰা হৈছে ৷ সেয়া বিগত বিত্তীয়বৰ্ষৰ জিডিপিৰ প্ৰায় ৪.৭ শতাংশ ৷ ইতিমধ্যে ২০২৯ ৰ ফ্ৰেব্ৰুৱাৰীৰ পৰা আৰ বি আইৰ ৰেপ’ ৰেট হ্ৰাস কৰা হৈছে ৷