তিনি মহলাৰ পৰা দলিওৱা শিশুৰ প্ৰাণ ৰক্ষা প্ৰাক্তন নৌসেনাৰ

Phoenix fire

এজন প্ৰাক্তন নৌসেনা জোৱানৰ উপস্থিত বুদ্ধি,শীতল মস্তিষ্ক আৰু ক্ষিপ্ৰতাৰ বাবে প্ৰাণৰক্ষা পৰিল এটি তিনি বছৰীয়া শিশুৰ৷ মাতৃয়ে শিশুটিক তিনি মহলাৰ পৰা দলিয়াই দিয়াৰ পাছত সঠিক সময়ত দৌৰি গৈ ফিলিপ ব্লেংকছ নামৰ প্ৰাক্তন মেৰিন সদস্যজনে শিশুটিক শূন্যতে আয়ত্ত কৰিবলৈ সক্ষম হয় ৷ফলত প্ৰাণৰক্ষা পৰে শিশুটিৰ ৷এই ঘটনা সংঘটিত হৈছে আমেৰিকাৰ এৰিজ’নাৰ ফিনিক্স চহৰত ৷

চহৰখনৰ এটা তিনি মহলীয়া গৃহৰ ওপৰ তলাত হঠাৎ জুই লাগে ৷ ফলত উক্ত মহলাত আৱদ্ধ হৈ পৰে ৰাচেল লং নামৰ মহিলাগৰাকীৰ লগতে তেওঁৰ তিনিবছৰীয়া পুত্ৰ আৰু আঠ বছৰীয়া কন্যা। কিন্তু জুই এনেদৰে বিয়পি পৰিছিল যে তেওঁলোকৰ ওলাই অহাৰ সকলো পথ বন্ধ হৈ পৰিছিল ৷কোনো উপায় নেদেখি মহিলাগৰাকীয়ে তিনি বছৰীয়া সন্তানক ৰক্ষা কৰিবলৈকে বাৰাণ্ডাৰ পৰা দলিয়াই দিয়ে ৷মহিলাগৰাকীয়ে হয়তো ভাবিছল যে ঘৰত থাকিলে অগ্নিদগ্ধ হোৱাটো নিশ্চিত ।কিন্তু তললৈ পেলাই দিলে হয়তো ৰক্ষা পাব পাৰে ৷

এটি তিনি বছৰীয়া শিশুক তিনি মহলাৰ পৰা তললৈ দলিয়াই দিলে প্ৰাণৰক্ষা পৰাৰ কিমান সম্ভাৱনা থাকে ৷সেই কথা ভাবিবলৈ হয়তো সেই সময়ত মহিলাগৰাকীৰ সময় নাছিল ।কিন্তু মহিলাগৰাকীৰ সেই অলীক আশাক বাস্তৱ ৰূপ দিবলৈ সেই স্থানত “দেবদূত”ৰ দৰে উপস্থিত হৈছিল প্ৰাক্তন নৌসেনা ফিলিপ ৷কিন্তু তিনি মহলাৰ পৰা যে এটি শিশুক তললৈ মাতৃয়ে পেলাই দিব সেয়া সপোনতো ভবা নাছিল ফিলিপে ৷

অৱশ্যে দেৱশিশুটিক এইদৰে মাতৃয়ে পেলাই দিয়া দেখি অলপো বিচলিত নহ’ল ফিলিপ ৷বৰঞ্চ দীৰ্ঘদিনৰ প্ৰশিক্ষণে তেওঁৰ ইন্দ্ৰিয়সমূহ সক্ৰিয় কৰি তোলে। মুহূৰ্ততে তেওঁ অট্টালিকাটোৰ তললৈ দৌৰি যায়। আন এজন লোকেও ফিলিপক দেখি দৌৰি গৈছিল ৷তড়িৎ গতিৰে তললৈ সৰি পৰা শিশু জেমছন লং আহি মাটিত পৰাৰ পূৰ্বেই ফিলিপে শীতল মস্তিস্কৰে অতি কৌশলপূৰ্ণভাৱে আয়ত্ত কৰিবলৈ সক্ষম হয়।

শিশুটিক ধৰাৰ লগে লগেই তেওঁৰ দৌৰি চিকিৎসাৰ বাবে লৈ যায়। সেই সময়ত কোনো উপস্থিত লোকে সমগ্ৰ ঘটনা কেমেৰাত বন্দী কৰে আৰু সেই ভিডিঅ’ মূহুৰ্ততে ভাইৰেল হৈ পৰে ।উল্লেখযোগ্য যে সেই অগ্নিকাণ্ডত মহিলাগৰাকীৰ মৃত্যু হয় ৷অৱশ্যে শিশুটিক ফিলিপে ৰক্ষা কৰাৰ উপৰিও মহিলাগৰাকীৰ আঠবছৰীয়া কন্যাকো উদ্ধাৰ কৰে ৷দুই শিশুৱে শৰীৰৰ কিছু অংশত আঘাত পালেও অৱশ্যে দুয়ো সম্প্ৰতি চিকিৎসধীন ৷

Exit mobile version