ন’বেল পুৰস্কাৰ নোপোৱাৰ অভিমানত পুনৰ হাওৰা দলঙৰ শীৰ্ষত উঠিল পশ্চিমবংগৰ অশোক নগৰৰ বাসিন্দা ডলি ঘোষ ৷অৱশ্যে বিশেষ কোনো অঘটন অবিহনেই মহিলাগৰাকীক সুৰক্ষিতভাৱে নমাই আনিবলৈ সক্ষম হয় সেই সময়ত দলঙৰে যাতায়ত কৰা একাংশ লোকে ৷উদ্ধাৰ কৰি দলঙৰ পৰা নমাই অনাৰ সময়ত অতি বিপজ্জনকভাৱে মহিলাগৰাকীয়ে ওলমি আছিল দলংখনৰ ৰেলিঙত ৷
স্বাভাৱিকতে দলঙৰ পৰা নমাই অনাৰ পাছত মহিলাগৰাকীৰ সাময়িক ঠিকনা হৈ পৰে স্থানীয় আৰক্ষী থানা ৷উদ্ধাৰকাৰী সকলে ডলি ঘোষক গতাই দিয়ে স্থানীয় উত্তৰবন্দৰ থানাৰ আৰক্ষীৰ হাতত ৷উল্লেখ্য যে প্ৰায় এমাহ পূৰ্বেও মহিলাগৰাকীয়ে একেটা কামকে কৰিছিল ৷
যোৱা সাত জুনৰ সন্ধিয়া সময়ত মহিলাগৰাকীয়ে ওলাই গৈ দলংখনৰ একেবাৰে ওপৰ পাইছিলগৈ ৷প্ৰথম চেষ্টাৰ সময়ত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ যৌথ প্ৰয়াসত দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত মহিলাগৰাকীক তললৈ নমাই আনিবলৈ সক্ষম হৈছিল ৷কিন্তু মহিলাগৰাকীয়ে একে কামকে পুনৰ কিয় কৰিবলৈ চেষ্টা কৰিলে? ইয়াৰ উত্তৰত আশোক নগৰৰ বাসিন্দা ডলি ঘোষে কয় যে নিজ গৱেষণামূলক কাম কাজৰ যাৱতীয় সম্পূৰ্ণ প্ৰতিবেদন ন’বেল কমিটীলৈ তেওঁ প্ৰেৰণ কৰিছিল ৷
ইয়াৰ স্বীকৃতি স্বৰূপে কমিটীয়ে তেওঁক পুৰস্কাৰ গ্ৰহণ কৰিবলৈ আমন্ত্ৰণো জনায় ৷কিন্তু সেই সময়ত বয়স কম হোৱা হেতুকে তেওঁ পুৰস্কাৰ গ্ৰহণ নকৰিলে ৷মহিলাগৰাকীয়ে নিজে এই দাবী কৰাৰ লগতে কয় যে পৰৱৰ্তী সময়ত তেওঁ পাবলগীয়া ন’বেল পুৰস্কাৰ তেওঁৰ পৰিৱৰ্তে অমৰ্ত্য সেনক দিয়া হয় ৷কিন্তু অমৰ্ত্য সেনে কৰা কামৰ অধিকখিনি মহিলাগৰাকীয়ে নিজে কৰা বুলি দাবী কৰিছে ৷
ন’বেল কমিটীৰ এনে কাৰ্যতে অভিমান কৰি মহিলাগৰাকীয়ে হাওৰা দলঙৰ শীৰ্ষত উঠি বহি লৈছিল৷ অৱশ্যে দলঙৰ পৰা নামি ইয়াৰ পূৰ্বেও একে ভূলকে কৰিছিল যোৱা সাত জুনত ৷ডলি ঘোষে পুনৰ দাবী কৰি কয় যে তেওঁ তেওঁৰ গৱেষণা পত্ৰ ন’বেল কমিটিৰ হাতত জমা দিছিল। মহিলাগৰাকীৰ মতে ন’বেল পুৰস্কাৰ তেওঁৰ প্ৰাপ্য যদিও ন’বেল কমিটীয়ে এই পুৰস্কাৰ তেওঁক দিয়া নাই ৷
ইপিনে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে এই পৰ্যন্ত কোনো মন্তব্য প্ৰকাশ কৰা নাই ৷কিন্তু হাওৰা দলঙৰ দৰে কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত থকা এখন দলঙৰ ওপৰলৈ এগৰাকী মহিলাই প্ৰায় এটা মাহৰ ভিতৰতে দুবাৰকৈ বিধি নিষিদ্ধভাৱে উঠিবলৈ সক্ষম হোৱাক লৈ স্থানীয় আৰক্ষীয়ে তীব্ৰ সমালোচনা কৰিছে।