সমগ্ৰ বিশ্বত কৰ’নাই সন্ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে ৰাছিয়াই ।মস্কোৰ এখন বিশ্ব বিদ্যালয়ৰ দাবী যে তেওঁলোকে কৰ’না ভেকচিনৰ সফল প্ৰয়োগ মানৱ শৰীৰৰ ওপৰত কৰিছে ৷সম্প্ৰতি ৰাছিয়াৰ এই দাবীত সমগ্ৰ বিশ্বক উৎসাহিত কৰিছে ৷
অৱশ্যে ইয়াৰ পূৰ্বে বিশ্বৰ একাধিক দেশেই কৰ’না ভেকচিনৰ উদ্ভাৱন সন্দৰ্ভত দাবী কৰিছিল যদিও বাস্তৱত সফল নহ’ল ৷সেয়েহে ৰাছিয়াই কৰা দাবী যাতে আন দেশৰ দৰে পুনৰাবৃত্তি নহয় তাৰ কাৰণে চিকিৎসকসকল আশংকাত ভূগিছে ৷ইফালে মস্কোৰ চেচেনভ বিশ্ববিদ্যালয়ে প্ৰথমে মানৱ শৰীৰত কৰ’নাৰ ভেকচিন সফল প্ৰয়োগ কৰিছে বুলি দাবী কৰিছে ৷বিগত ১৮ জুনত চেচেনভ বিশ্ববিদ্যালয়ে ভেকচিনটোৰ পৰীক্ষণৰ কাম কৰিছিল ।