তেজপুৰত পোহনীয়া গাহৰিৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাক লৈ সৰ্বসাধাৰণৰ মাজত ব্যাপক চৰ্চা হোৱাৰ সময়তে ইয়াৰ কাৰণ নিৰ্ণয় কৰিবলৈ শোণিতপুৰ প্ৰশাসনে তদন্তৰ নিৰ্দেশ দিছে ৷ উল্লেখযোগ্য যে, তেজপুৰৰ হৰিজন কলনিত যোৱা কেইদিনমানৰ ভিতৰতে প্ৰায় ২০টা পোহনীয়া গাহৰিৰ অস্বাভাৱিক মৃত্যু ঘটিছে ৷ ইয়াৰ পূৰ্বে এনেদৰে গাহৰিৰ মৃত্যু ঘটা নাছিল বুলি প্ৰকাশ কৰি গাহৰি পালকসকলে কয় যে হঠাৎ মৃত্যু হোৱা গাহৰিসমূহ আগতে অসুস্থ হৈ থকা নাছিল ৷
কিন্তু উল্লেখযোগ্য যে শেহতীয়াকৈ এই গাহৰিসমূহক তেজপুৰৰ পৰোৱাত কৰ’না আক্ৰান্তসকলক চিকিৎসা কৰা চিকিৎসালয় খনৰ লগতে বিভিন্ন কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা পেলনীয়া খাদ্য সামগ্ৰী তাৰ পৰা সংগ্ৰহ কৰি আনি গাহৰিক খাবলৈ দিছিল পালকসকলে ৷ ইয়াত চাফাই কৰ্মী হিচাপে নিযুক্ত একাংশই হৰিজন কলনিত তেওঁলোকৰ পোহনীয়া গাহৰিক খুৱাবলৈ এই পেলনীয়া খাদ্য সামগ্ৰী কৰ’না চিকিৎসালয় খনৰ লগতে কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা সংগ্ৰহ কৰাৰ সুযোগ লাভ কৰাকলৈও প্ৰশ্ন উত্থাপিত হৈছে ৷
প্ৰণিধানযোগ্য যে কৰ’না ৰোগীক খাবলৈ দিয়া খাদ্যৰ পেলনীয়া অংশ পুতি পেলোৱাৰ সলনি এনেদৰে জনবসতিপূৰ্ণ অঞ্চললৈ সংগ্ৰহ কৰি আনিবলৈ কোনে সুযোগ দিলে সেয়া এইপৰ্যন্ত নিশ্চিত হোৱা নাই ৷ গাহৰিৰ এনেদৰে মৃত্যু ঘটাৰ বিষয়ে জানিব পাৰিয়েই শোণিতপুৰৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙৰ নিৰ্দেশত মৃত গাহৰিৰ অংশ প্ৰয়োজনীয় পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা হৈছে ৷ তদুপৰি কৰ’না চিকিৎসালয় তথা কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা পেলনীয়া খাদ্য সামগ্ৰী নিয়ম অনুসৰি পুতি পেলোৱাৰ সলনি বাহিৰলৈ অনাৰ সুযোগ চাফাইকৰ্মীসকলে কেনেদৰে লাভ কৰিলে তাৰো এক তদন্ত কৰি ইয়াৰ বাবে দায়ীসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও উপায়ুক্ত গৰাকীয়ে মন্তব্য কৰিছে ৷
ইপিনে, আজি শোণিতপুৰত আৰু দুজন লোক কৰ’নাত আক্ৰান্ত হৈছে ৷ জিলাখনত এইপৰ্যন্ত মুঠ ৪৮৩জন লোক কৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৩৮৩জনেই সুস্থ হৈ ঘৰলৈ গৈছে ৷ কৰ’না প্ৰতিৰোধী সেৱাত জড়িত থকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তেজপুৰ একনম্বৰ সংমণ্ডলৰ একাংশ কৰ্মচাৰীৰ স্বাৱ পৰীক্ষাৰ পাছত এইক্ষেত্ৰত থকা চৰকাৰী নিৰ্দেশনাক সমুলি উপেক্ষা কৰিছে সংমণ্ডলটোৰ কাৰ্যবাহী অভিযন্তা জনে ৷
উল্লেখযোগ্য যে যোৱাকালি কাৰ্যালয়টোৰ কৰ’না প্ৰতিৰোধী সেৱাত নিয়োজিত প্ৰায় ২০গৰাকী কৰ্মচাৰীৰ স্বাৱ পৰীক্ষা কৰা হৈছিল ৷ চৰকাৰী নিৰ্দেশ অনুসৰি, ইয়াৰ পিছত এইসকল হোম কোৱাৰেন্টাইনত নাথাকিলে তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি স্পষ্ট কৰা হৈছে ৷ কিন্তু তেজপুৰৰ ১ নম্বৰ জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলটোৰ কাৰ্যবাহী বিষয়া আলি আকবৰ চৌধুৰীয়ে সেই নিৰ্দেশ অমান্য কৰি কৰ্মচাৰীসকলক বিভাগীয় কাৰ্যালয়ত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়াত বিপাঙত পৰিছে স্বাৱ পৰীক্ষা কৰিবলৈ দিয়া কৰ্মচাৰী সকল ৷
তেওঁলোকক চৰকাৰী নিৰ্দেশক গুৰুত্ব নিদিবলৈ কাৰ্যবাহী অভিযন্তাই দিয়া হেঁচাৰ বাবেই আজি তেওঁলোক কাৰ্যালয়টোত থাকিবলৈ বাধ্য হয় ৷ উল্লেখযোগ্য যে, শোণিতপুৰ জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্যই স্বাৱ পৰীক্ষা কৰিবলৈ দি চৰকাৰী নিৰ্দেশ অমান্য কৰি ঘূৰি ফুৰাৰ পাছত তেওঁ কৰ’নাত আক্ৰান্ত হোৱাটো নিশ্চিত হয় ৷ কিন্তু তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এজন ৱাৰ্ড বয় এনে কাৰণতে নিলম্বিত হৈছিল যদিও বৈশ্যৰ ক্ষেত্ৰত কিন্তু ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ৷ বৰ্তমান কাৰ্যবাহী অভিযন্তা গৰাকীৰ স্থিতিয়েও বহু লোকক শংকিত কৰিছে ৷