জনতা ভৱনত কৰ’নাৰ আঘাতঃ আতংক কৰ্মচাৰী

Janata Bhawan

কৰ’নাৰ দ্ৰুত সংক্ৰমণ অব্যাহত আছে ৰাজ্যত । সম্পূৰ্ণ তলাবন্ধ অব্যাহত থকাৰ পিচতো গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে । ইয়াকে লৈ সকলো উদ্বিগ্ন হৈ থকাৰ মাজতে ৰাজ্য প্ৰশাসনৰ বৰঘৰ স্বৰূপ জনতা ভৱনকে ধৰি বিভিন্ন কাৰ্যালয়ত কৰ্মৰত একাধিক আমোলা বিষয়াৰ শৰীৰত ধৰা পৰিছে কৰ’নাৰ সংক্ৰমণ ৷ কৰ’নাত আক্ৰান্ত হোৱা সকলৰ ভিতৰত আছে পৰিবহন বিভাগৰ আয়ুক্ত তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জলজীৱন অভিযানৰ পৰিচালন সঞ্চালক আদিল খান, পৰিবহন তথা উদ্যাগ আৰু বাণিজ্য বিভাগৰ সচিব পবিত্ৰপ্ৰাণ খাউণ্ড, উদ্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত সচিব ঈশান বৰদলৈ আদি ৷

স্বাস্থ্য বিভাগৰ সূত্ৰই এই কথা সদৰী কৰি জনোৱা মতে কৰ’নাৰ দ্ৰুত সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্য কামৰূপ মহানগৰ জিলাত অব্যাহত সম্পূৰ্ণ তলাবন্ধৰ সময়ছোৱাত যাতে জনতা ভৱনকে ধৰি অন্যান্য চৰকাৰী কাৰ্যালয় তথা সঞ্চালকলয়সমূহত জনসমাগমৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ সচিবালয় প্ৰশাসনে আমোলা বিষয়াৰ উপস্থিতিৰ হাৰ হ্ৰাস কৰাৰ বাবে ইতিপূৰ্বে জাৰি কৰিছে প্ৰয়োজনীয় নিৰ্দেশনা । এই নিৰ্দেশনা অনুসৰি কাৰ্যালয়সমূহত বিষয়া কৰ্মচাৰীৰ উপস্থিতিৰ হাৰ তুলনামূলকভাৱে যথেষ্ট কম যদিও যোৱা ১০ জুলাইত পৰিবহণৰ লগতে উদ্যোগ আৰু বানিজ্য বিভাগৰ জ্যেষ্ঠ আমোলা বিষয়াই পৰিবহন, উদ্যোগ আৰু বানিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ স’তে এক বৈঠকত মিলিত হয়।

উক্ত বৈঠকৰ পিছতে পৰিবহন বিভাগৰ আয়ুক্ত আদিল খান, সচিব পবিত্ৰ প্ৰাণ খাউণ্ড, ঈশান বৰদলৈ কৰ’নাত আক্ৰান্ত হয় । ইপিনে কৰ’নাত আক্ৰান্ত হোৱাৰ পাছৰে পৰা মহানগৰীৰ আয়ুচন্দা হাস্পতালত চিকিৎসাধীন হৈ আছে ৰাজ্যপালৰ আয়ুক্ত সচিব এছ এছ মিনাক্ষী সুন্দৰম । তেওঁৰ মাতৃ, পুত্ৰ, কন্যাও কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৷

Exit mobile version