- কৰ’না প্ৰতিৰোধৰ কাৰণে সম্প্ৰতি মহানগৰীত চলি আছে তলাবন্ধ । মহানগৰীত সোমবাৰৰ পৰা আৰম্ভ হ’ব আনলক-১ ৷ এই সন্দৰ্ভত আজি মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এক সংবাদমেল আয়োজন কৰে ৷ ইপিনে সোমবাৰৰ পৰা মহানগৰীত তলাবন্ধ কিছু পৰিমাণে শিথিল কৰা হ’ব ৷ কিন্তু মাস্ক পৰিধান নকৰিলে ভৰিব লাগিব ১০০০ টকাৰ জৰিমনা ৷ আনহাতে, অন্যান্য গাইড লাইনসমূহ হ’ল
- সকলো দোকান খোলা থাকিব ৷ পাইকাৰী আৰু আন সামগ্ৰী বিক্ৰী কেন্দ্ৰ সোমবাৰৰ পৰা শুকুৰবাৰলৈ খোলা থাকিব ৷
- এই সময়ছোৱাত বন্ধ থাকিব জিম, চিনেমা হল, শ্বপিং মল, শিক্ষানুষ্ঠান ৷
- ৩০ শতাংশ কৰ্মচাৰীৰে খুলিব পাৰিব চৰকাৰী বেচৰকাৰী কাৰ্যালয় ৷ সকলো কাৰ্যালয়তে কৰ’না পৰীক্ষা কৰিব লাগিব ৷
- নিৰ্মাণ কাৰ্য কৰিব পাৰিব ৷ মালিকসকলে নিৰ্মাণ কাৰ্য্য কলাপ চলি থকা স্থানত শ্ৰমিকক ৰাখিব পাৰিব ৷
- পাৰ্লাৰ চেলুন কেৱল চুলি কটাৰ বাবে মুকলি কৰিব পাৰিব ৷
- ৰেপিড’, কেব, অ’টো ৰিক্সা চলাব পাৰিব যদিও চালকে চেনিটাইজাৰ,থাৰ্ম’মিটাৰ ৰাখিব লাগিব ।
ব্যক্তিগত বাহন চলাচল নিষিদ্ধ কৰিছে ৷ - কেৱল জৰুৰীকালীন আৰু কাৰ্যালয় সংক্ৰান্তীয় কামত ব্যক্তিগত বাহন চলাব পাৰিব ৷
- সোমবাৰ আৰু মংগলবাৰে আন্তঃজিলা যাতায়ত খোলা থাকিব ৷ কিন্তু বুধবাৰৰ পৰা এই সেৱা বন্ধ থাকিব
- চিটীবাছসমূহ বন্ধ থাকিব ৷
- হোটেল ৰেষ্টুৰেণ্টসমূহে হোম ডেলিভাৰী কৰিব পাৰিব ৷
- সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৮ বজালৈকে অব্যাহত থাকিব সান্ধ্য আইন ৷
ADVERTISEMENT