কংগনা ৰানাউটৰ দাবী : বি গ্ৰেড অভিনেত্ৰী তাপ্সী পন্নু

thequint 2020 07 1c26bcec add2 4914 94c0 c715bef86a0d Untitled design 1

কিছুদিন পূৰ্বে তাপসী পন্নুক “বি গ্ৰেড” কেটেগৰীৰ অভিনেত্ৰী বুলি অভিহিত কৰিছিল বলীউডৰ আন এগৰাকী অভিনেত্ৰী কংগনা ৰানাউটে ৷ কংগনাৰ মতে “কংগনাই কৰা হাৰ্ডৱৰ্কক স্বীকৃতি নিদিয়াটো সহজে মানি ল’ব পৰা নোৱাৰে বলীউডে” ৷ অৰ্ণৱ গোস্বামীৰ স’তে হোৱা এটা সাক্ষাৎকাৰত কংগনাই কয় “মোক বলীউডে সহজে ল’ব নোৱাৰে ৷ কাৰণ মুভী মাফিয়াই তাপসী পন্নু আৰু স্বৰা ভাস্কৰৰ দৰে সহজে পোৱা অভিনেত্ৰীক পাব আৰু তেওঁলোকেও ক’ব নিপ’টিজমকলৈ আমাৰ কোনো অসুবিধা নাই । কেৱল কংগনাৰহে আছে । আমিটো কৰন জোহৰক ভাল পাওঁ ৷

ইয়াৰ পিছতে কংগনাই স্বৰা আৰু তাপসীক প্ৰশ্ন কৰে “যদি আপোনালোকে কৰন জোহৰক ভাল পায়, তেন্তে আপোনালোক কিয় বি গ্ৰেডৰ অভিনেত্ৰী ? আপোনালোক আলিয়া ভাট্ট আৰু অন্যান্য পাণ্ডেতকৈ দেখিবলৈ ধুনীয়া, অভিনয় ভাল কৰে ৷ তেন্তে আপোনালোকে বলীউডত কাম কিয় নাপায়? এইয়া নিপ’টিজমৰ উদাহৰণ নহয়নে? “

আনহাতে কৰন জোহৰৰ সন্দৰ্ভত তাপসীয়ে কয় “মই হয়তো কৈছিলো যে মই কৰন জোহৰক পছন্দ কৰোঁ ৷ কিন্তু মই ইয়াকো কোৱা নাছিলো যে কৰন জোহৰক বেয়া পাঁও ৷ ইফালে নিপ’টিজমৰ সন্দৰ্ভত তাপ্সীয়ে কয় “কংগনাৰ কোৱাৰ দৰে মোৰ কোনো ছবি মুভী মাফিয়াই পৰিচালনা কৰা নাই ৷ অনাগত ছবিৰ লগতো ইয়াৰ কোনো সম্পৰ্ক নাই । আনহাতে, কংগনাই কোৱাৰ দৰে তাপসীৰ ওচৰত কোনো ছবি নাই নেকি? এই সন্দৰ্ভত তাপসীয়ে কয়”প্ৰতি বছৰে মই প্ৰায় চাৰিখন ছবি কৰো । চলিত বৰ্ষতো মোৰ পাঁচখন ছবি আছে ৷

লগতে তাপসীয়ে কয় “হয় মোক ছবিৰ পৰা উলিয়াই দি ষ্টাৰ কিডক লৈছে ৷ কিন্তু মই কৰা কামক কংগনা আৰু ৰংগোলীয়ে স্বীকৃতি নিদিয়াটো কোনো নিপ’টিজমৰ বলী হোৱাতকৈ কম নহয় । কংগনাই মোক লক্ষ্য কৰি লৈছে কাৰণ মই তেওঁৰ কথাত হয়ভৰ দিয়া নাই ৷ কাৰণ আমি সকলোৱে ইমান তিক্ততাপূৰ্ণভাৱে সমালোচনা নকৰো ৷ যিটো ইণ্ডাষ্ট্ৰীয়ে আমাক খাদ্য আৰু কাপোৰৰ যোগান ধৰিছে সেই ইণ্ডাষ্ট্ৰীটোৰ বিৰুদ্ধে মই প্ৰতিক্ৰিয়া কৰিবলৈ অস্বীকাৰ কৰিলো ৷

তাপ্সীয়ে সুশান্ত সিং ৰাজপুতৰ নাম নোলোৱাকৈ কংগনাৰ কৰা প্ৰতিক্ৰিয়া সন্দৰ্ভত কয় “আমি কাৰোবাৰ মৃত্যুক নিজৰ লাভৰ কাৰণে ব্যৱহাৰ নকৰো ৷ অভিনেত্ৰী হিচাপে মই য’ত মোৰ ভাষ্যৰ প্ৰয়োজনীয়তা আছে তাতহে মোৰ মতামত দিয়াটো প্ৰয়োজন বুলি মই ভাৱো ৷ মোৰ মতামতে যদি কাৰোবাক সহায় কৰে তেন্তে মই মতামত দিম । উল্লেখযোগ্য যে কাৰ্তিক আয়ান, অনন্যা পাণ্ডে আৰু ভূমি পাডনেকাৰৰ অভিনীত ছবি “পতি পত্নী অ’ৰ ৱ” ছবিখনৰ পৰা শেষ পৰ্যায়ত বাহিৰ কৰি দিছিল । ইয়াৰ পিছত তাপসী পন্নুৱে ছ’চিয়েল মিডিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ৷

Exit mobile version