ক’ভিড-১৯ৰ সময়ত নিযুক্তিকৰণক লৈ ড° হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্টীকৰণ

WhatsApp Image 2020 07 19 at 1.26.41 PM

ক’ভিড-১৯ য়ে আনি দিয়া অচলাবস্থা দূৰ নোহোৱা পৰ্যন্ত ৰাজ্যত কোনো নতুন নিযুক্তি নহয় বুলি প্ৰকাশিত বাতৰি সন্দৰ্ভত টুইটাৰ যোগে স্পষ্টীকৰণ দিয়ে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে অনাগত দিনত বিভিন্ন বিভাগত নিযুক্তি সন্দৰ্ভত চৰকাৰৰ সহযোগিতা আছে বুলি সদৰী কৰে মন্ত্ৰী শৰ্মাই ৷

উল্লেখযোগ্য শনিবাৰে যোৰহাটত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উজনি অসম ভ্ৰমণৰ বাবে আহি যোৰহাটত উপস্থিত হৈ নতুনকৈ কোনো সাক্ষাৎকাৰ লৈ প্ৰাৰ্থী বাছনি কৰা অসম্ভৱ বুলি বাতৰি প্ৰকাশিত হৈছিল ৷ লগতে নিযুক্তিৰ প্ৰক্ৰিয়াত সামাজিক দূৰত্ব বিঘ্নিত হোৱাৰ উপৰিও ক’ভিড-উদ্ভৱ পৰিবেশ স্বাভাৱিক নোহোৱা পৰ্যন্ত নতুনকৈ কোনো নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ ৰাজ্য চৰকাৰ নকৰে বুলি বাতৰি প্ৰকাশিত হৈছিল।

Exit mobile version