মৰাণত গড়কাপ্তানী(ৰাজ্যিক) মন্ত্ৰীৰ গৃহ সমষ্টিত জৰাৰ্জীণ পথক লৈ জনসাধাৰণৰ অভিনৱ প্ৰতিবাদ

IMG 20200719 WA0020

অসম চৰকাৰৰ ৰাজহ, দুৰ্যোগ প্ৰশমন আৰু গড়কাপ্তানী(ৰাজ্যিক) মন্ত্ৰী যোগেন মহনৰ গৃহ সমষ্টি চৰাইদেউ জিলা মৰাণত আজি জৰাৰ্জীণ পথক লৈ জনসাধাৰণে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে । সমষ্টিটোৰ অন্তৰ্গত উদয়পুৰ গাওঁ পঞ্চায়তৰ ৮নং ৱাৰ্ডৰ ১৫০টা পৰিয়াল থকা নাৰায়ণপুৰ গাঁৱৰ নাৰায়ণপুৰ চাৰিআলিৰ পৰা ১নং গেট সংযোগী আৰু দিৰৈবাম নাৰায়াণপুৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা কেঁঞাপথাৰ সংযোগী পথ দুটা দীৰ্ঘদিন ধৰি জনসাধাৰণে দুৰ্ভোগ ভূগি আহিছিল । স্থানীয় জনপ্ৰতিনিধিৰ লগতে বিভাগীয় কৰ্তৃপক্ষই কোনোধৰণৰ উক্ত পথ দুটা গুৰুত্ব প্ৰদান নকৰাত আজি স্থানীয় জনসাধাৰণে অতি নাটকীয় ভাৱে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ।

স্থানীয় জনসাধাৰণে আজি দুয়োটা পথতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু স্থানীয় বিধায়ক তথা গড়কাপ্তানী(ৰাজ্যিক) মন্ত্ৰী যোগেন মহনৰ প্ৰতীকি ৰূপ আঁৰি আগলি কলপাতত তামোল-পানৰ শৰাই আগবঢ়াই পথত ন-ভূঁই কঠিয়া ৰোপন কৰি প্ৰতিবাদ কৰে । উল্লেখ্য যে, উক্ত পথ দুটাৰ মাজেৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল দৈনিক অহা-যোৱা কৰাৰ ক্ষেত্ৰত দীৰ্ঘদিনৰে পৰা দুৰ্ভোগ ভূগি আহিছে । তদুপৰি উক্ত পথ দুটাৰ মাজেৰে জৰুৰীকালীন কোনো বাহন প্ৰৱেশ কৰিব নোৱাৰে । যাৰ বাবে কোনো ৰোগী, বয়সস্থ আৰু প্ৰসূতি মহিলা অহা-যোৱা কৰিব নোৱাৰে । কিন্তু এইক্ষেত্ৰত স্থানীয় জনপ্ৰতিনিধিগৰাকীৰ লগতে পঞ্চায়ত প্ৰতিনিধিয়ে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাত আজি গাওঁবাসীয়ে এই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক সকীয়নি প্ৰদান কৰে ।

উল্লেখ্য যে, এসময়ত বিৰোধী কংগ্ৰেছ দলৰ ঘাটি হিচাপে পৰিচিত এই অঞ্চলৰ জনসাধাৰণে কেৱল মাত্ৰ অঞ্চলটো উন্নয়নৰ স্বাৰ্থত বিগত নিৰ্বাচনত শাসকীয় দলক ভোটদান কৰিছিল । কিন্তু শাসনৰ ক্ষমতা লাভ কৰিয়েই স্থানীয় জনপ্ৰতিনিধিয়ে অঞ্চলটোৰ জনসাধাৰণৰ উন্নয়নলৈ পিঠি দি কেৱল আশ্বাস আৰু প্ৰতিশ্ৰুতিৰে বিগত চাৰিটা বছৰ অতিক্ৰম কৰা অভিযোগ উত্থাপন কৰিছে । যাৰ বাবে আজি এই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি জনসাধাৰণে আগন্তুক বিধান সভা নিৰ্বাচন বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰিছে ।

Exit mobile version