ৰাজগড়ৰ পথাৰত অভিনৱ প্ৰতিবাদ

IMG 20200719 173036

ৰাজপথ নতুবা কোনো চৰকাৰী কাৰ্যালয়ৰ সন্মুখত নহয়, এইবাৰ প্ৰতিবাদৰ স্থান কৃষি পথাৰত। টিংখাঙৰ ৰাজগড়ত আজি দেখিবলৈ পোৱা গল এই ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্যসূচীৰ দৃশ্য । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ একাংশ সদস্যই এইবাৰ ৰাজগড়ৰ ৰঙাবননিত ৰাজহুৱাকৈ খেতি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই অনুসৰি আজি পুৱাৰ ভাগতে হাতত লয় ন-ভূঁই ৰোৱা কাৰ্যসূচীৰ।

পথাৰত ভূঁই ৰোৱাৰ মাজতে এই সকল কৃষক মুক্তিৰ সদস্যই দাবী তুলে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ । হাতত কোৰ, কঠিয়া, বেনাৰ, প্লে-কাৰ্ড আদি লৈ এনেদৰে ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰে এইসকল কৃষি কৰ্মৰ জড়িত লোকে । তদুপৰি বিজেপি চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক তীব্ৰ সমালোচনা কৰি এই সকল প্ৰতিবাদকাৰী কৃষকে শীঘ্ৰে কৃষক নেতা অখিল গগৈক মুক্তি দিবলৈ দাবী জনায় ।

Exit mobile version