আজিৰে পৰা গুৱাহাটীত আনলক ১

salil lockdown 1 1

কৰ’না প্ৰতিৰোধৰ কাৰণে সম্প্ৰতি মহানগৰীত চলি আছে তলাবন্ধ । মহানগৰীত আজিৰে আৰম্ভ হৈছে আনলক-১ ৷ আজিৰে পৰা মহানগৰীত তলাবন্ধ কিছু পৰিমাণে শিথিল কৰা হ’ব ৷ কিন্তু মাস্ক পৰিধান নকৰিলে ভৰিব লাগিব ১০০০ টকাৰ জৰিমনা ৷ আনহাতে, অন্যান্য গাইড লাইনসমূহ হ’ল সকলো দোকান খোলা থাকিব ৷ পাইকাৰী আৰু আন সামগ্ৰী বিক্ৰী কেন্দ্ৰ সোমবাৰৰ পৰা শুকুৰবাৰলৈ খোলা থাকিব ৷ এই সময়ছোৱাত বন্ধ থাকিব জিম, চিনেমা হল, শ্বপিং মল, শিক্ষানুষ্ঠান ৷

৩০ শতাংশ কৰ্মচাৰীৰে খুলিব পাৰিব চৰকাৰী বেচৰকাৰী কাৰ্যালয় ৷ সকলো কাৰ্যালয়তে কৰ’না পৰীক্ষা কৰিব লাগিব ৷ নিৰ্মাণ কাৰ্য কৰিব পাৰিব ৷ মালিকসকলে নিৰ্মাণ কাৰ্য্য কলাপ চলি থকা স্থানত শ্ৰমিকক ৰাখিব পাৰিব ৷ পাৰ্লাৰ চেলুন কেৱল চুলি কটাৰ বাবে মুকলি কৰিব পাৰিব ৷ ৰেপিড’, কেব, অ’টো ৰিক্সা চলাব পাৰিব যদিও চালকে চেনিটাইজাৰ, থাৰ্ম’মিটাৰ ৰাখিব লাগিব ।

ব্যক্তিগত বাহন চলাচল নিষিদ্ধ কৰিছে ৷ কেৱল জৰুৰীকালীন আৰু কাৰ্যালয় সংক্ৰান্তীয় কামত ব্যক্তিগত বাহন চলাব পাৰিব ৷ আজি আৰু কালিলৈ আন্তঃজিলা যাতায়ত খোলা থাকিব ৷ কিন্তু বুধবাৰৰ পৰা এই সেৱা বন্ধ থাকিব ৷ চিটীবাছসমূহ বন্ধ থাকিব ৷ হোটেল ৰেষ্টুৰেণ্টসমূহে হোম ডেলিভাৰী কৰিব পাৰিব ৷ সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৮ বজালৈকে অব্যাহত থাকিব সান্ধ্য আইন ৷

Exit mobile version