ন-ভূঁ‌ই ৰুই পথাৰৰ পৰাই অখিল গগৈৰ মুক্তিৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

dibya 8

সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোঁ‌টৰ চৰকাৰখনে কাৰাগাৰত আবদ্ধ কৰি থোৱা আৰু সম্প্ৰতি কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী জনালে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে আন কেইবাটাও সংগঠনে । মৰিয়নিৰ সমীপৰ ভেলেউগুৰি কৰতিপাৰ গাঁৱৰ পথাৰত শতাধিক লোকৰ উপস্থিতিত কৃষক নেতা গৰাকীৰ মুক্তিৰ দাবীত উত্তাল হৈ পৰে সমগ্ৰ অঞ্চলটোৰ পৰিবেশ । ন-ভূঁ‌ই ৰোৱা থলীৰ পৰাই চৰকাৰ বিৰোধী শ্ল’গান আৰু অখিল গগৈৰ মুক্তিৰ দাবী উচ্চাৰিত হয় ।

উল্লেখ্য যে, আজি মৰিয়নিৰ ভেলেউগুৰি অঞ্চলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মৰিয়নি আঞ্চলিক সমিতিৰ উদ্যোগত ন-ভূঁ‌ই অনুষ্ঠান পালন কৰা হয় । অঞ্চলটোৰ প্ৰায় ২৫ বিঘাৰো অধিক মাটিত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বিভিন্ন ধানৰ খেতি আৰম্ভ কৰিছে । এই ন-ভূঁ‌ই ৰোৱা পথাৰৰ প্ৰতিবাদী কাৰ্য্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদি একাধিক সংগঠনৰ নেতৃত্বয়ো অংশগ্ৰহণ কৰে ।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যোৰহাট জিলা সমিতিৰ যুটীয়া সম্পাদকদ্বয় অৰিন্দম গগৈ আৰু প্ৰমোদ গগৈ, তিতাবৰ মহকুমা সমিতিৰ যুটীয়া সম্পাদকদ্বয় প্ৰফুল্ল বৰা আৰু তপন ফুকন, মৰিয়নি আঞ্চলিক সমিতিৰ সভাপতি বিপ্লব বৰা, যুটীয়া সম্পাদকদ্বয় ভদ্ৰ শেনচোৱা আৰু অনন্ত নাৰায়ন হাজৰিকা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিয়নি আঞ্চলিক সমিতিৰ সম্পাদক ৰঞ্জিত গগৈ, মৰিয়নিৰ বিশিষ্ট সমাজকৰ্মী- জাতীয়তাবাদী শিবিৰৰ নেতা ৰঞ্জিত গোহাঁইবৰুৱা, ভূৱন মুক্তিয়াৰ আদি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰাৰে লগতে কৃষক নেতা অখিল গগৈৰ বিনাচৰ্তে মুক্তিৰ দাবী জনায় ।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাসকলৰ লগতে প্ৰতিবাদ থলীত উপস্থিত থকা সকলোৱেই বিজেপি চৰকাৰে আক্ৰোশমূলক ভাৱে অখিল গগৈক বন্দী কৰি ৰখা বুলি উল্লেখ কৰে । কেৱল বিজেপি চৰকাৰৰ বিৰুদ্ধাচৰণ কৰি তেওঁলোকৰ দূৰ্নীতিসমূহ উদঙাই দিয়াৰ বাবেই সৰ্বানন্দ সোনোৱাল চৰকাৰখনে বিচাৰ নোহোৱাকৈ এইদৰে কৃষক নেতাজনক কাৰাগাৰত সুমুৱাই ৰখা বুলিও তেওঁলোকে উল্লেখ কৰে । কৰ’নাত আক্ৰান্ত হোৱাৰ পিছতো চৰকাৰখনে তেওঁক চিকিৎসা কৰাৰ বিপৰীতে এখন নাটক সৃষ্টি কৰা বুলি উল্লেখ কৰি তেওঁলোকে কয় এখন চৰকাৰ কিমান তললৈ নামিব পাৰে এইয়াই তাৰ নিকৃষ্ট প্ৰমান । কৃষক নেতা অখিল গগৈৰ শীঘ্ৰে সুস্থ হৈ উঠাৰ বাবেও সকলোৱে প্ৰাৰ্থনা জনায় ।

আজি প্ৰতিবাদকাৰী সকলে ‘বিজেপি চৰকাৰ হুচিয়াৰ’, ‘অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়ক’, ‘সৰ্বানন্দ সোনোৱাল লেই লেই ছেই ছেই’ আদি শ্ল’গান দি শাওণৰ পথাৰৰ পৰিবেশ উত্তাল কৰি তোলে । আনহাতে, তাৰ পিছতেই ন-ভূঁ‌ই ৰোৱা কাৰ্য্য শুভাৰম্ভ কৰে । কৰতিপাৰৰ প্ৰায় ২৫ বিঘা মাটিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মৰিয়নি আঞ্চলিক সমিতিয়ে ভূঁ‌ই ৰোৱাৰ বাবে সাজু কৰি তুলিছে । এইখিনি খেতিৰ পথাৰত তেওঁলোকে শালি, ৰঞ্জিত, মনচুৰি, জহা, বৰা আদি ধানৰ খেতি কৰিব । তাৰবাবে তেওঁলোকে অঞ্চলটোৰ একাধিক ব্যক্তিৰ পৰা অব্যৱহৃত মাটি আধিয়াৰ হিচাপে লৈছে ।

ইতিপূৰ্বে নিজাববীয়াকৈ তেওঁলোকে কঠিয়া পৰাৰ পিছত আজি ন-ভুঁ‌ই পালন কৰে । বহুসংখ্যক মহিলা আৰু যুৱতীয়েও অংশগ্ৰহণ কৰা এই ভুঁ‌ই ৰোৱা কৰ্মত অংশগ্ৰহনকাৰী সকলোৱে বিহু গাই , নাচি এক উৎসৱমুখৰ পৰিবেশৰো সৃষ্টি কৰে । কৃষক মুক্তিৰ সদস্যৰ লগতে অঞ্চলটোৰ লোকেও সহযোগ আগবঢ়োৱা এই কৃষি কাৰ্য্যত ট্ৰেক্টৰ, পাৱাৰ ট্ৰিলাৰ আৰু গৰু ব্যৱহাৰ কৰা বুলিও জানিবলৈ দিয়ে । তিতাবৰ মহকুমা সমিতিৰ যুটীয়া সম্পাদক প্ৰফুল্ল বৰাই কয় “এই সমগ্ৰ কাৰ্য্যসূচীৰ পৰিকল্পনা আগতেই লোৱা হৈছিল আৰু ইয়াত কৃষক নেতা অখিল গগৈও উপস্থিত থকাৰ কথা আছিল । কিন্তু দূৰ্ভাগ্যজনকভাৱে বিজেপি চৰকাৰে অখিল গগৈক কাৰাগাৰত বন্দী কৰি থোৱাত সকলো কাৰ্য্যসূচী অনুষ্টুপীয়াকৈ পালন কৰা হয় ।”

তেওঁ লগতে কয় – এই কৃষি কৰ্ম আগলৈ আৰু অধিক বহল কৰাৰ পৰিকল্পনা লোৱা হৈছে । কৃষক মুক্তি সংগ্ৰাম সমিতি এটা কেৱল ৰাজপথত আন্দোলন কৰা সংগঠন নহয় আৰু সংগঠনটোৱে প্ৰকৃততে কৃষিকৰ্মৰ দ্বাৰা যে ৰাজ্যখনক অৰ্থনৈতিক ভাৱে আগবঢ়াই নিব বিছাৰিছে সেইয়া এই কৃষিকৰ্মৰ দ্বাৰা হাতে কামে চৰকাৰক দেখুৱাই দিয়া হৈছে বুলিও লগতে উল্লেখ কৰে । ভৱিষ্যতেও এনে কাৰ্য্য হাতত লোৱা হ’ব বুলিও তেওঁ লগতে উল্লেখ কৰে ।

Exit mobile version