- কৰ’না চিকিৎসাৰ কাৰণে দিল্লী আৰক্ষীৰ ২৫০০ জন বিষয়া জোৱানে দান কৰিব প্লাজমা । ইতিমধ্যে দিল্লী আৰক্ষীৰ ২৬ গৰাকী আৰক্ষীয়ে দান কৰিছে প্লাজমা । আনহাতে দিল্লী আৰক্ষীয়ে অচিৰেই প্লাজমা ৱাৰিয়াৰ্ছ নামেৰে এক অভিযান আৰম্ভ কৰিব।
- কৰ’না ভাইৰাছ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত আন্তৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলে ২০২০ত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া আই আই চি পুৰুষ টি ২০ বাতিল কৰে । এই টি ২০ বিশ্বকাপ অনুষ্ঠিত হ’ব ২০২১ৰ অক্টোবৰ নৱেম্বৰত ৷
- বৃহস্পতিবাৰৰ পৰা যোৰহাটত আৰম্ভ হ’ব আনলক-১ ৷ গুৱাহাটীৰ দৰে বৃহস্পতিবাৰৰ পৰা যোৰহাটত পথৰ এফালেহে খুলিব পাৰি ব্যৱসায়িক প্ৰতিষ্ঠান । এই সিদ্ধান্ত যোৰহাট জিলা প্ৰশাসনৰ ৷
- কৰ’নাৰ সংহাৰী ৰূপ হ্ৰাস পোৱা নাই চীনত ৷ চীনৰ স্বাস্থ্য কৰ্তৃপক্ষই জনোৱা অনুসৰি দেওবাৰে দেশখনত ১৭ জন লোক আক্ৰান্ত হৈছে কৰ’নাত ৷ এই খবৰ পুনৰ আতংকিত কৰিছে চীনৰ জনগণক ৷
- অসমৰ বানৰ সংহাৰী ৰূপৰ মাজতে বলীউডৰ অভিনেতা জন আব্ৰাহাম আৰু বৰুন ধাৱনে ৰাজ্যৰ জনসাধাৰণক টুইটাৰ যোগে সকলোকে সহায় কৰিবলৈ আহ্বান কৰিছে । লগতে অভিনেতা দুগৰাকীয়ে ৰাজ্য চৰকাৰৰ সাহায্য পুঁজিৰ লিংক শ্বেয়াৰ কৰি সকলোকে সাহায্য আগবঢ়াবলৈ আহ্বান কৰিছে।
- তিনিদিনৰ কাৰণে বন্ধ কৰা হ’ল নলবাৰী অসামৰিক চিকিৎসালয় । ৪ জনকৈ চিকিৎসক কৰ’নাত আক্ৰান্ত হোৱাৰ পিছত চিকিৎসালয় কৰ্তৃপক্ষই লয় এই সিদ্ধান্ত । ইতিমধ্যে ৰাজ্যত বহুকেইজন চিকিৎসক কৰ’নাত আক্ৰান্ত হৈছে ৷