মৰিগাঁও জিলা উপায়ুক্তৰ হস্তক্ষেপৰ দাবী
মৰিগাঁও জিলাৰ ভূৰাগাঁৱত পুনৰ বানৰ আতংক। পানী শুকুৱাৰ পাছত পুনৰ ভাঙিছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। ইফালে ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত জাপৰি গেৰুৱা গড়কাপ্তানী পথৰ জামুগুৰিস্হিত পকী দলং খনলৈ খহনীয়াই আনিছে তীব্ৰ ভাবুকি । আজি খহনীয়াই ৰুদ্ৰ মূৰ্ত্তি ধাৰণ কৰাত নিমিষতে জামুগুৰি আৰু জামাদাৰী গাঁৱৰ কে’বাটাও পৰিয়ালৰ ঘৰ ভেটি উছন যায় ।
প্ৰাপ্ত তথ্য মতে অঞ্চলটোৰ বীৰেণ দেউৰী, সঞ্জীৱ বৰদলৈ, দধি বৰদলৈকে প্ৰমূখ্য কৰি কে’বাটাও পৰিয়ালে ঘৰ-দুৱাৰ ভাঙি নিৰাপদ স্হানলৈ আতৰি গৈছে । এনেস্হলত মৰিগাঁও জিলা গড়কাপ্তানি বিভাগে তাৎক্ষণিক ব্যৱস্হা গ্ৰহণ নকৰিলে দলঙখনৰ লগতে জাপৰি গেৰুৱা গড়কাপ্তানী পথটোলৈকো তীব্ৰ ভাবুকি আহিব। সেয়ে মৰিগাঁও জিলা উপায়ুক্তক এইক্ষেত্ৰত হস্তক্ষেপৰ দাবী কৰিছে অঞ্চলবাসীয়ে ।