আজি এক মৰ্মান্তিক, অসহনীয় অথচ এক নিষ্ঠুৰ বাস্তৱৰ চুড়ান্ত পৰিণতিৰ জীৱন্ত সাক্ষী হ’ব লগা হ’ল মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ছাগলী পানীখোৱা গাঁৱৰ ৰাইজ। এগৰাকী খহনীয়াগ্ৰস্ত মহিলাৰ শেষ পৰিণতিয়ে যেন সকলোৰে চকু সেমেকাই তুলিলে । তিনি চাৰি বাৰ কৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াত বিধ্বস্ত সৰ্বস্বান্ত মহিলা গৰাকীয়ে ব্ৰহ্মপুত্ৰত জাপ দি আত্মহত্যাৰ চেষ্টা কৰাৰ দৰে ভয়ংকৰ দৃশ্যৰ সাক্ষী হ’ব লগা হ’ল ৰনৈপৰায়া ৰাইজৰ লগতে প্ৰতিবেদক । মৰিগাওঁ জিলাৰ লাহৰীঘাটৰ ছাগলী পানীখোৱা গাঁৱৰ এটি নামঘৰৰ প্ৰাঙ্গনত শতাধিক খহনীয়াগ্ৰস্ত লোকৰ হিয়া ভগা কান্দোনৰ মাজতে মৃত খগেন ডেকাৰ পত্নী মিনু ডেকাই বাৰিষাত ওফণ্ডি থকা নদীত জাপ দি আজি আত্মহত্যাৰ দৰে চৰম পন্হাৰে নিজক শেষ কৰাৰ চেষ্টা কৰে ।
দৈব্যক্ৰমে এজন লোকৰ তাৎক্ষণিক সহযোগিতাত প্ৰাণ ৰক্ষা পৰে মিনু ডেকাৰ। ৰাইজৰ মাজত থকা লোকজনে নদীত জাপ দিব বিচৰা মিনুক হাতত ধৰি কোনোমতে নদীৰ পাৰতে আবদ্ধ কৰে। আত্মহত্যাৰ চেষ্টা ব্যৰ্থ হোৱাৰ পাছত মহিলা গৰাকীয়ে কান্দোনত গগণ ফালি এক বৰ্ণনাতীত পৰিবেশৰ সৃষ্টি কৰি কয় – “আমি সৰু সৰু মানুহ বোৰে কিমান ক’লো বালিৰ মথাউৰী বনাব নালাগে । নদীখন মুকলি হৈ থাওঁক। কোনেও নুশুনিলে। মথাউৰী দি দি শেষ কৰি পেলালে আমাক। কি লাভ হৈছে বালিৰ মথাউৰীবোৰ দি। ব্ৰহ্মপুত্ৰ নদী খনক লৈ এতিয়া দালালি বজাৰ চলিছে লাহৰীঘাটত। ইটোৰ পকেট ভৰিছে সিটোৰ পকেট ভৰিছে চহৰ নগৰত সিহঁতে দালান বনাইছে আৰু আমি সৰু মানুহবোৰ মৰি মৰি শেষ হৈ গলো। গড়াখহনীয়াত গৈ গৈ আমাৰ সকলো মাটি শেষ হ’ল। মানুহটোও কেন্সাৰ বেমাৰত পৰি মোক এইবোৰ চাবলৈ থৈ গুচি গ’ল। টোকোৰা পজা এটা সজাই নদীৰ পাৰতে আছিলো, ভগৱানে তাকো সহ্য নকৰিলে। ২০১৯ চনত বানত সেইটোও নদীয়ে নিলে । শেষত গাঁও বুলিবলৈ নামঘৰটো আছিল। তাতে আশ্ৰয় লৈছিলো। আজি সেইটোও শেষ হ’ল। এতিয়া আমি ক’ত থাকিম। নৰেন্দ্ৰ মোদী, সোনোৱাল ডাঙৰীয়া আপোনালোকক হাতযোৰ কৰিছো আমাক অকণমান মাটি দিয়ক।” এনেদৰে আবেগ বিহ্বল হৈ পৰা মহিলা গৰাকী শেষত নদীৰ পাৰতে অচেতন হৈ পৰে।
কিমান দুখৰ পাছত কিমান বেদনাৰ শেষত এনে চুড়ান্ত সিদ্ধান্ত ল’ব পাৰে এগৰাকী সৰ্বস্বান্ত মহিলাই সেই কথা খহনীয়াত ঘৰ-ভেটি হেৰুওৱা সকলৰ বাদে যেন কোনেও অনুভৱ কৰিব নোৱাৰে। কিন্তু খহনীয়া বিধ্বস্ত সকলৰ বাবে আজি এয়াই জীয়া বাস্তৱ। এয়াই সত্য। উল্লেখ্য যে ঘটনাৰ সময়ত মৰিগাওঁ জিলাৰ লাহৰীঘাটৰ ছাগলি পানীখোৱা নামঘৰৰ প্ৰাঙ্গনৰ ৰাইজ ব্যস্ত সেৱা-আশীৰ্বাদ পৰ্বত । দুই শতিকা সগৌৰবেৰে নৈৰ পাৰত উজলি থকা ছাগলীপানীখোৱা গাঁৱৰ শতাধিক পৰিয়ালৰ ঘৰ বস্তি নদীত জাহ যোৱাৰ পাছত ব্ৰহ্মপুত্ৰৰ বালিত পোত গ’ল অঞ্চলটোৰ দুশ বছৰীয়া ইতিহাস। নিঃচিহ্ন হ’ল গাঁও খন । গাঁও খনৰ সকলো শেষ হোৱাৰ পাছত ১৭০ বছৰ গড়কা ছাগলীপানী খোৱা নামঘৰ টিয়ে অস্তিত্বৰ সাক্ষী হৈ আছিল। সকলো হেৰুওৱা লোকসকলে বিপদৰ সময়ছোৱাত অস্তিত্বৰ ধ্বজাবাহক নামঘৰটোতে আশ্ৰয় লৈছিল। কিন্তু নদীৰ খহনীয়াই নামঘৰটিও গ্ৰাস কৰিলে। এইবাৰৰ বিধ্বংসী খহনীয়াত আক্ৰান্ত হল ১৭০ বছৰীয়া নামঘৰটি। উপায় বিহীন হৈ অ’ত-ত’ত সিচৰিত হৈ থকা ছাগলীপানী খোৱা গাঁৱৰ ৰাইজে আজি পুৱা ভাগতে সমবেত হৈছিল নামঘৰটিৰ প্ৰাঙ্গনত। পানীৰ মাজতে তেওঁলোক সমবেত হৈছিল শৰাই শলিতা দি শেষ বাৰৰ বাবে নামঘৰত আতৰৰ পৰাই এটি সমূহীয়া সেৱা যাঁচি নামঘৰটি ভাঙি স্হানান্তৰ কৰিবলৈ। সমূহীয়া ভাৱে আঠুলৈ আবেগ ৰাখিব নোৱাৰি গাৱৰ বৃদ্ধ বনিতাই কান্দোনত ভাঙি পৰে।
তাৰ মাজতে মিনু ডেকাই চৰম ৰাইজৰ চকুৰ প্ৰচাৰতে ভৰা ব্ৰহ্মপুত্ৰৰ বুকুত জাপ দিবলৈ অতৰ্কিতে দৌৰ মাৰে। দৈব্য ক্ৰমে নদীৰ পাৰতে থকা এজন লোকে আগভেটি আবদ্ধ কৰে মিনুক। লোক জনৰ চেষ্টাত কথমপিহে ৰক্ষা পৰে মিনুৰ জীৱন। পিছত আন মহিলা সকলে মিনুক ধৰি নৈৰ পাৰৰ পৰা লৈ আনে। খহনীয়াত ঘৰ ভেটিৰ পাছত স্বামীক আৰু অৱশেষত আশ্ৰয় স্হল হেৰুৱাই চকুৰে অন্ধকাৰ দেখা মিনু ডেকা নদীৰ ভঙা গঢ়া ইতিহাসৰ আছিল জীৱন্ত সাক্ষী। মিনুৰ চকুৰ প্ৰচাৰতে হেৰাই গল সোনালী গাঁও খন। মিনুৱে চিঞৰি চিঞৰি কলে নদীয়ে কাক ৰজা কৰিলে কাক পথৰ ভিক্ষাৰী কৰিলে। বালিৰ বান্ধৰ নামত লুণ্ঠনৰ চৰকাৰী বৰমুৰীয়া ঠিকাদাৰৰ নিকৃষ্ট ষড়যন্তৰ প্ৰতি তীব্ৰ ঘৃণা আৰু বিদ্বেষত যেন জীৱনৰ মায়া হেৰুৱাই আজি এনে পন্হা অৱলম্বন কৰিছিল মিনুৱে। নিয়তিৰ কি পৰিহাস।
অৱশেষত ছাগলিপানী খোৱা গাঁৱৰ পৰা গৰাখহনীয়াই চিৰ দিনৰ বাবে নুমুৱালে এগছি ভকতিৰ চাকি। তাকে কৈ শোকস্তব্ধ হ’ল নামঘৰীয়া। ১৭০ বছৰে পোহৰ বিলাই লুইতৰ পাৰত ভক্তিৰ পোহৰ বিলোৱা চাকি গছি আজি চকুলোৰে তিয়াই চিৰদিনৰ বাবে নুমুৱাব লগা হ’ল গাঁওবাসীয়ে। চাৰি পুৰুষীয়া ঐতিহ্যময় ধ্বজা বাহক নামঘৰটি ভাঙি ৰজাগাধোঁৱা শংকৰ মন্দিৰতে চমজি দিলে ৰাইজে। কিন্তু এনে ঘটনাৰ পাছতো চৰকাৰৰ সুদৃষ্টি পৰিবনে অসমৰ খহনীয়াগ্ৰস্ত সকলৰ ওপৰত। বিকশিত অসমৰ অভিশপ্ত দিনৰ যেন সাক্ষী হৈ ৰল মিনু ডেকাৰ জীৱনৰ চকুপানীৰে লিখা এই জীয়া বাস্তৱ। আজিৰ পৰা নদীত বুকুত সম্পূৰ্ণৰূপে পোত গ’ল হিন্দু মুছলমান ঐতিহ্যময় সম্প্ৰীতিৰ সৌধ সদৃশ ছাগলীপানী খোৱা গাঁও। এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন গৰাখহনীয়াৰ স্হায়ী সমাধানৰ বাবে আৰু কিমান গাঁও হেৰুৱাব লাগিব অসমে ?