- দেশত কৰ’নাই সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে কৰ’নাত আক্ৰান্ত হৈছে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান । টুইটাৰ যোগে এই কথা প্ৰকাশ কৰিছে শিৱৰাজ সিং চৌহানে।
- নাগালেণ্ডত নতুনকৈ ৬৫ গৰাকী লোকৰ শৰীৰত ক’ভিড-১৯ ধৰা পৰাৰ পিছত ৰাজ্যখনত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা ১২৩৯ গৰাকীলৈ বৃদ্ধি পাইছে ৷ নতুনকৈ আক্ৰান্ত ৬৫ গৰাকীৰ ৩২ গৰাকী নিৰাপত্তাৰক্ষী জোৱান আৰু ২৫ গৰাকী বহিঃৰাজ্যৰ পৰা অহা লোক।
- ৰাজ্যসমূহত শেহতীয়াকৈ কৰ’নাই কৰা সন্ত্ৰাসৰ বিৰুদ্ধে কি কি ব্যৱস্থা লোৱা হ’ব ৷ এই আটাইবোৰ বিষয় সামৰি সোমবাৰে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰ লগত প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক অনুষ্ঠিত হ’ব ৷ এই বৈঠকত আনলক ৩ত কি কি ব্যৱস্থা লোৱা হ’ব সেই বিষয়ে জনাব প্ৰধানমন্ত্ৰী মোদীয়ে ৷
- যোৰহাটত প্লাজমা দান কৰা লোকসকলৰ প্ৰতি বিশিষ্ট উদ্যোগপতি মাখন গট্টানিৰ বিশেষ পদক্ষেপ। প্লাজমা দান কৰা প্ৰথম দুশগৰাকী লোকক মাখন গট্টানিয়ে উপহাৰ হিচাপে দিব সাত হাজাৰকৈ টকা ৷ উল্লেখযোগ্য যে স্বাস্থ্যৰ অৱনতি ঘটা লোকসকলৰ ক্ষেত্ৰত বিশেষভাৱে ফলপ্ৰসূ প্লাজমা থেৰাপী” ।
ADVERTISEMENT