মাস্ক পৰিধান কৰক নহ’লে লাভ কৰক ভয়ানক শাস্তিঃ কিন্তু ক’ত?

kim jong un aghe

উত্তৰ কোৰিয়াৰ জনপ্ৰিয় শাসক কিম জং উনক তেওঁৰ নিত্য নতুন নিয়মবোৰৰ কাৰণে জনা যায় । এইবাৰ সকলোকে আচৰিত কৰি কিমে উলিয়াইছে এটা নতুন নিয়ম ৷ দৰাচলতে এই নিয়মটো কৰ’না ভাইৰাছৰ লগত জড়িত ৷ এই নিয়ম অনুসৰি যদি উত্তৰ কোৰিয়াত যিকোনো লোকক মাস্ক পৰিধান নকৰাকৈ কৰ’বাত প্ৰত্যক্ষ কৰে ৷ তেন্তে তেওঁক বিশ্বৰ ক’তো নিদিয়া এক ভয়ানক শাস্তি দিয়া হ’ব। লগতে তিনিমাহ পৰ্যন্ত বিনা বেতনত মজদুৰি পৰ্যন্ত কৰিব লগা হ’ব পাৰে । অৱশ্যে কিছুদিন পূৰ্ব কিমে উত্তৰ কোৰিয়াত এটা কৰ’নাত আক্ৰান্ত কেচ নাই বুলি দাবী কৰিছিল ৷

ইফালে কিমে মাস্ক পৰিধান নকৰা লোকসকলক চিনাক্ত কৰিবলৈ দেশখনৰ ছাত্ৰ সমাজত এটা দল গঠন কৰিবলৈ পৰামৰ্শ দিয়ে ৷ ইয়াৰ কাৰণে অনতি পলমে ছাত্ৰ ছাত্ৰীসকলৰ ভৰ্তিকৰণ প্ৰক্ৰিয়া আৰম্ভ হ’ব ৷ আনহাতে, উত্তৰ কোৰিয়াত কৰ’না ভাইৰাছত কিমানজন লোক আক্ৰান্ত হৈছে বা সুস্থ হৈছে সেই সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য নাই । ইফালে জানুৱাৰী মাহত যেতিয়া বিশ্বত কৰ’না ভাইৰাছৰ সংহাৰী ৰূপ আৰম্ভ হৈছিল তেতিয়াই উত্তৰ কোৰিয়াত দেশৰ সকলো সীমা ছীল কৰি দিয়া হৈছিল। বহু লোকক কোৱাৰেন্টাইনত ৰখা হৈছিল ৷ কিছুদিন পূৰ্বে বিশ্ব স্বাস্থ্য সংস্থাই কৈছিল যে উত্তৰ কোৰিয়াত কেৱল ৯২২ জন লোকক কৰ’না পৰীক্ষা কৰা হৈছে যদিও এতিয়ালৈকে কোনো পজিটিভ কেছ ধৰা পৰা নাই ।

Exit mobile version