সুশান্তক উদ্দেশ্যি গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীৰ আৱেগিক প’ষ্ট

jpg 3

বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ শেষৰখন ছবি “দিল বেচাৰা”ই শুক্ৰবাৰে ডিজনী প্লাছ হটষ্টাৰত মুক্তি লাভ কৰিছে । সুশান্তৰ গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীয়ে ছবিখনৰ এখন ফ’টো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি লিখে এটা আৱেগিক প’ষ্ট ৷ ৰিয়াই লিখে যে এই ছবিখনে মোক তোমাক আকৌ এবাৰ চাবৰ কাৰণে মোক শক্তি দিব। মই জানো যে তুমি মোৰ লগত আছা ।মই তোমাৰ ভালপোৱা উদযাপন কৰিম ৷” ৰিয়াই সুশান্তক লৈ লিখা প’ষ্ট এইয়াই প্ৰথম নহয় । ইয়াৰ আগয়ে ৰিয়াই সুশান্তৰ মৃত্যুৰ এমাহ পিছত অভিনেতাজনক হেৰুৱাৰ দুখত ইনষ্টাগ্ৰামত এটা আৱেগিক প’ষ্ট শ্বেয়াৰ কৰিছিল ৷

আনহাতে সুশান্ত আত্মহত্যা কৰাৰ পিচত বান্দ্ৰা আৰক্ষীয়ে ৰিয়াক প্ৰায় ১১ ঘন্টা ধৰি সোধ পোচ কৰিছিল ৷ পুলিচে ৰিয়াক সুশান্তৰ লগত মতবিৰোধ,ফোনক’ল,মেচেজ লগতে অভিনেতাজনৰ ডিপ্ৰেছনৰ সন্দৰ্ভত মত বিনিময় কৰিছিল ৷ কাৰণ ৰিয়া আৰু ৰিয়াৰ ভাতৃ সৌবিজ চক্ৰৱৰ্তী সুশান্তৰ এটা কোম্পানীৰ সঞ্চালক আৰু অতিৰিক্ত সঞ্চালকৰ দায়িত্বত আছিল ৷ সম্প্ৰতি মুম্বাইৰ বান্দ্ৰা আৰক্ষীয়ে সুশান্তৰ আত্মহত্যাৰ প্ৰসংগত তদন্ত অব্যাহত ৰাখিছে ৷

Exit mobile version