- আজি কাৰ্গিল বিজয় দিৱস । ১৯৯৯ চনৰ ভাৰত-পাকিস্তানৰ মাজত যুদ্ধৰ সমাপ্তি উপলক্ষে ২৬ জুলাইৰ দিনটো পালন কৰা হয় কাৰ্গিল বিজয় দিৱস হিচাপে৷প্ৰায় দুমাহ ধৰি হোৱা এই যুদ্ধত পাকিস্তানৰ সেনাক পৰাভূত কৰি বিজয় সাব্যস্ত কৰিছিল ভাৰতীয় সেনাই ৷ ৰিট্ছ টাইমৰ ফালৰ পৰাও শ্বহীদ প্ৰত্যেকজন জোৱানলৈ সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি ৷
- কৰ’নাক প্ৰতিহত কৰিবলৈ ঘোষণা কৰা তলাবন্ধৰ সময়ছোৱাত দেশৰ বিভিন্ন আদালতত ৰজু হৈ আছে প্ৰায় ১৮ লাখ গোচৰ ৷ এই কথা সদৰী কৰিছে ন্যায়াধীশ ৱাই ভি চন্দ্ৰচুড়ে ৷ উল্লেখযোগ্য যে এই গোচৰসমূহ চলিত মাহৰ মাৰ্চ জুলাই মাহত ৰুজু কৰা হৈছে।
- কৰ’না ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰৰ পৰা ত্ৰিপুৰাত দিয়া হৈছে সম্পূৰ্ণ তলাবন্ধ । ৩ দিনৰ কাৰণে দিয়া এই তলাবন্ধত সকলো লোককে ঘৰত গৃহবন্দী হৈ থাকিবলৈ আহ্বান কৰিছে মুখ্যমন্ত্ৰীয়ে ।
- বিগত ২৪ ঘন্টাত কৰ’নাত আক্ৰান্ত হৈছে ৪৮,৬৬১ জন লোক ৷ আনহাতে মৃত্যু হৈছে ৭০৫ জন ৷ ইয়াৰ লগে লগে দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা হ’লগৈ ১৩ লাখ ৮৫ হাজাৰ ৫২২ জন ৷ আনহাতে মৃত্যু হৈছে ৩২ হাজাৰ ৬৩ গৰাকী ।
- আজি মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে কাৰ্গিল বিজয় উৎসৱত শ্বহীদ হোৱা বীৰসকললৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে । লগতে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বীৰ জোৱানসকলৰ বীৰত্বই প্ৰতিটো প্ৰজন্মক প্ৰেৰণা যোগাব ৷
ADVERTISEMENT