৪০ ফুট উচ্চতাৰ অট্টালিকাৰ পৰা জঁপিয়াই প্ৰাণ ৰক্ষা দুই শিশুৰ

Jump from building

এক শিহৰণকাৰী ঘটনা । প্ৰাণৰ মমতাত এটা অট্টালিকাৰ ৪০ ফুট উচ্চতাৰ পৰা জঁপিয়াই প্ৰাণৰক্ষা কৰিলে দুটি শিশুৱে । এই ঘটনা ফ্ৰান্সৰ গ্ৰেনোবল চহৰৰ । চহৰ খনৰ বহু মহলীয়া অট্টালিকা এটাৰ তৃতীয় মহলাত অগ্নিকাণ্ড সংঘটিত হোৱাত ঘৰৰ পৰা ওলোৱাৰ কোনো উপায় নেদেখি তিনি বছৰীয়া ভ্ৰাতৃৰ স’তে ১০ বছৰীয়া ভ্ৰাতৃয়ে জাঁপ দিলে তললৈ ।ইতিমধ্যে অট্টালিকাটোৰ তলত উদ্ধাৰকাৰী দল উপস্থিত হৈছিল । এই উদ্ধাৰকাৰী দলটোৱে শিশুদুটিক উদ্ধাৰ কৰি নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা কৰিলে ।

সমগ্ৰ ঘটনাটো বন্দী হৈ ৰ’ল চুবুৰীয়াৰ কেমেৰাৰ লেন্সত । শিশু দুটিক পিতৃ-মাতৃয়ে ঘৰৰ ভিতৰতে তলা মাৰি ওলাই গৈছিল। শিশু দুটি থকা ঘৰটোত দাউদাউকৈ জ্বলি উঠাত ওলাই আহিবলৈ কোনো উপায় নাছিল ।চুবুৰীয়া লোকে উদ্ধাৰৰ বাবে চেষ্টা চলাইছিল যদিও কোনো উপায় নেদেখি সেনাৰ উদ্ধাৰকাৰী দলক অৱগত কৰে । তলত জনতাৰ ভিৰ দেখি শিশু দুটি খিৰিকীৰে তললৈ জঁপিয়াবলৈ চেষ্টা চলায় ।

১০ বছৰীয়া শিশুটিয়ে তিনি বছৰীয়া ভ্ৰাতৃক জুইৰ মাজেৰেই খিৰিকীৰে তললৈ দলিয়াই দিয়াত তলত উদ্ধাৰকাৰী দলটোৱে ৰক্ষা কৰিবলৈ সক্ষম হয় । ইয়াৰ পাছতে ওপৰৰ পৰা সাহসেৰে জপিওঁৱা ১০ বছৰীয়া শিশুটোৰো প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হ’ল উদ্ধাৰকাৰী দলটোৱে । উদ্ধাৰ কৰা শিশুদুটি কোনো আঘাত নোপোৱাকৈ ৰক্ষা পৰে যদিও ধোঁৱাৰ বাবে শ্বাস-প্ৰশ্বাসৰ সমস্যাত আক্ৰান্ত হোৱাত শিশু দুটিক হাস্পতালত ভৰ্তি কৰোৱা হয় ।

Exit mobile version