কৰ’নাই ৰাজ্যত বৃদ্ধি কৰিলে নিবনুৱা

unemployment113

কৰ’না মহামাৰীয়ে যি সংকটৰ সৃষ্টি কৰিছে তাক অতিক্ৰম কৰাটো হৈ পৰিছে অভাৱনীয় প্ৰত্যাহ্বান । অসমত আগন্তুক দিনৰ ছবিখন ভয়াৱহ জটিল হোৱাটো ইতিমধ্যে স্পষ্ট হৈ পৰিছে । অন্যান্য দিশবোৰৰ বাদেও নিবনুৱা সংস্থাপনৰ বিষয়টোৱে ৰাজ্যখনৰ পৰিস্থিতিৰ জটিল কৰি তোলাটো নিশ্চিত হৈছে  ৷ শ্ৰম আৰু নিয়োগ বিভাগৰ তথ্য অনুসৰি অসমত ২০ লাখ পঞ্জীয়নকৃত নিবনুৱা আছে ৷ সেইসকলৰ ভৰত ইতিমধ্যে অসম কোঙা হৈছে ৷ চৰকাৰৰ স্পষ্ট নিয়োগ নীতিৰ অভাৱত নিবনুৱাৰ সংস্থাপন ৰাজ্যত এক জটিল বিষয় হৈ পৰিছে । ইয়াৰ মাজতে কৰ’নাৰ বাবে বহিঃৰাজ্যত কৰ্মৰত তিনি লক্ষাধিক লোক অসমলৈ উভতিবলৈ বাধ্য হৈছে ৷

ইপিনে মহামাৰীৰ ফলত বেচৰকাৰী খণ্ডত নিয়োজিত হেজাৰ হেজাৰ যুৱক যুৱতী সম্প্ৰতি কৰ্মহীন হৈছে ৷ তেওঁলোক পুনৰ আগৰ কৰ্মস্থলী নিয়োজিত হ’ব পাৰিব নে নাই তাকে লৈ কোনো নিশ্চয়তা নাই । কিছুসংখ্যক হয়তো পুনৰ সংস্থাপিত হ’ব পাৰিব । কিন্তু কৰ’নাই সৰ্বদিশত যি মন্দাৱস্থাৰ সৃষ্টি কৰিলে তাৰ ফলত বেছিভাগেই পুনৰ সংস্থাপিত নহ’ব ৷ এই সকলোকে ধৰি আগন্তুক দিনৰ পৰিস্থিতি অভাৱনীয়ভাৱে সংকটজনক হ’ব  ৷ এনে জটিল পৰিস্থিতিৰ জোৰা কি দৰে মৰা হ’ব অসমত ৷ ইয়াৰ সঠিক উত্তৰ নাই চৰকাৰৰ হাতত নাই । যদিও চৰকাৰে ক্ষুদ্ৰ উদ্যোগ স্থাপন,কৃষি ক্ষেত্ৰত নিয়োগৰ বাবে আকৰ্ষণ বৃদ্ধি কৰা আদি বিভিন্ন আঁচনি ঘোষণা কৰিছে তাৰ বাস্তৱ ৰূপ পোৱাটো যে ইমান সহজ নহয় সেই কথা সকলোৱে বুজি পাইছে ৷

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে অৰ্থনীতি নিৰ্ভৰ অসমত কৃষি খণ্ডত অধিক লোকক নিয়োজিত কৰাৰ বাবে চৰকাৰে আশ্বাস দিছে । অথচ ৰাজ্যত এই খণ্ডটোত নিয়োজিত লোকৰ হাৰ পূৰ্বতকৈ যথেষ্ট হ্ৰাস পাইছে ।চৰকাৰৰ সঠিক নীতি আৰু ঘোষিত অভিলাষী আঁচনি ৰূপায়ণৰ ব্যৰ্থতাৰ বাবে ৰাজ্যত প্ৰচুৰ সম্ভৱনাপূৰ্ণ কৃষি খণ্ডটোৱে পৰ্যাপ্ত সুযোগৰ সৃষ্টি কৰিব পৰা নাই ৷ বিগত এটা দশকত কৃষিখণ্ডৰ পৰা চাৰি লক্ষাধিক লোক আঁতৰি যোৱা বুলি বিভাগীয় সূত্ৰত প্ৰকাশ ।

Exit mobile version