মনত বহু উৎসাহ,অলপ শংকা, কিছু উৎকন্ঠালৈ কামলৈ উভতিল বলিউদ অভিনেত্ৰী মালাইকা অৰোৰা

WhatsApp Image 2020 07 27 at 6.48.57 PM

সুদীৰ্ঘ ৪মাহৰ মূৰত নিজৰ কৰ্মক্ষেত্ৰলৈ উভতিল বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী মালাইকা অৰোৰা । কৰ’না সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত গৃহবন্দী হৈ থকা অভিনেত্ৰী গৰাকীক পুনৰ দেখা যাব ‘ইণ্ডিয়াজ বেষ্ট ডান্সাৰ ‘ নামৰ ৰিয়েলিটি শ্বু’ৰ বিচাৰকৰ আসনত । অভিনেত্ৰী গৰাকীয়ে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে ।ভিডিঅ’টোত দেখা গৈছে অভিনেত্ৰী গৰাকীয়ে নিজৰ ঘৰৰ পৰা আৰম্ভ কৰি ইণ্ডিয়াজ বেষ্ট ডান্সাৰ শ্বুটিংস্থলীলৈ গৈ পোৱাৰ সম্পূৰ্ণ যাত্ৰা ।

লগতে কেপচনত লিখিছে ‘অত্যন্ত সাৱধান, বহু চেষ্টা, লগতে বহু আশীৰ্বাদ লৈ ঘৰৰ পৰা ওলাইছোঁ, যাতে সকলো ভালে-কুশলে পাৰ হয় । নিজৰ জীৱন আৰু কাম পুনৰ আৰম্ভ কৰিবলৈ লৈছো ।’ লগতে লিখিছে ‘ প্ৰায় ৪মাহৰ মূৰত পুনৰ কাম আৰম্ভ কৰিবলৈ বাহিৰলৈ ওলাইছোঁ । লগতে কঢ়িয়াই লৈ গৈছো বহুতো ভাৱনা, বহু উৎসাহ, কিছু উৎকন্ঠা আৰু কিছু আনন্দ । এনেকুৱা লাগিছে বহু দিনৰ দীঘলীয়া ছুটীৰ পাছত বিদ্যালয়লৈ ওলাইছো আৰু বন্ধু সকলক লগ পাবলৈ উদগ্ৰীৱ হৈ আছো।’

ভিডিঅ’টোত দেখা গৈছে ঘৰৰ পৰা ওলোৱাৰ আগতে অভিনেত্ৰী গৰাকীয়ে নিজৰ সকলো সামগ্রী প্ৰথমে ছেনিটাইজ কৰিছে । শ্বুটিংস্থলী গৈ পোৱাৰ পাছতে তেওঁক ‘check-up’ কৰে আৰু পাছতহে তেওঁ প্ৰৱেশৰ অনুমতি পায় । ইয়াৰ পাছত অভিনেত্ৰী গৰাকী ‘ভেনিটি ভান’ত উপস্থিত হৈ প্ৰসাধন লগাই ইণ্ডিয়াজ বেষ্ট ডান্সাৰৰ মঞ্চত গৈ উপস্থিত হয় । অভিনেত্ৰী গৰাকীয়ে শ্বেয়াৰ কৰা এই ভিডিঅ’ প্ৰায় সাত লাখৰ অধিক লোকে প্ৰত্যক্ষ কৰিছে । এই ভিডিঅ’ত তেওঁৰ অনুৰাগী সকলৰ লগতে বলিউদৰ বহু কেইগৰাকী কলা-কুশলীয়েও মন্তব্য আগবঢ়াইছে।

Exit mobile version