ঐতিহাসিক বাবৰি মছজিদৰ সম্পৰ্কত উচ্চতম ন্যায়ালয়ে দিয়া পাঁচ একৰ ভূমিত মছজিদৰ পৰিৱৰ্তে চিকিৎসালয় অথবা বিদ্যালয় স্থাপন হোৱাতো বিচাৰিছে স্থানীয় বাসিন্দাই । অৱশ্যে এই সন্দৰ্ভত সিদ্ধান্ত ল’ব চুন্নী ৱাকফ বৰ্ডে ৷ ইফালে অযোধ্যাৰ এজন বাসিন্দাই কয় “সম্প্ৰতি আমাৰ ইয়াত বহুকেইটা মছজিদ আছি ৷ কিন্তু চিকিৎসাৰ কাৰণে চিকিৎসালয় আৰু শিশুসকলৰ পঢ়িবৰ কাৰণে বিদ্যালয়ৰ অভাৱ ৷ অৱশ্যে আমাৰ মতামতক কোনেও গ্ৰহণ নকৰে যদিও আমি চিকিৎসালয় অথবা বিদ্যালয় স্থাপন কৰাটোহে বিচাৰো ৷”
উল্লেখযোগ্য যে ৰাম মন্দিৰৰ ভূমি পূজন হ’ব ৫ আগষ্টত । এই অনুষ্ঠানত অংশ ল’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ইফালে ভূমি পূজন হোৱাৰ প্ৰাকমুহূৰ্তত সকলো কাম সমীক্ষা কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ উপস্থিত হ’ল অযোধ্যাত ৷ অযোধ্যাত উপস্থিত হৈ যোগী আদিত্য নাথে সন্ত আৰু ৰাম মন্দিৰৰ ট্ৰাষ্টৰ সদস্যসকলৰ লগত বৈঠকত অংশ লয় । মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় “আমি সকলো মিলি ভূমি পূজনত অংশ ল’ম ৷ ৪ আৰু ৫ আগষ্টৰ নিশা দেশৰ সকলো ঘৰ আৰু মন্দিৰত ‘দিপোৎসৱ’ অনুষ্ঠিত কৰিব ৷ অযোধ্যা আৰু দীপাৱলী এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷”
ইপিনে মন্দিৰৰ টাষ্টৰ লগত হোৱা বৈঠকত যোগী আদিত্যনাথে কয় যে আজি সমগ্ৰ বিশ্বই অযোধ্যাৰ ফালে চাই আছে ৷ সকলোৱে এক অনুশাসনৰ মাজৰে সমগ্ৰ বিশ্বত এক নতুন ধাৰা বোৱাই আনিব লাগিব । বিগত ৫০০ বছৰৰ পিছত অযোধ্যাত এনেধৰণৰ এক দিন আহিছে ৷ পাঁচ আগষ্টত সমগ্ৰ বিশ্ব এক ঐতিহাসিক দিনৰ সাক্ষী হৈ ৰ’ব।