আজি পুৱা ৭৮০ কেজি ওজনৰ এটা বৃহৎ আকাৰৰ মাছ বংগ প্ৰদেশৰ দীঘা উপকূলত মাছমৰীয়াৰ দলে উদ্ধাৰ কৰে। মাছটোক স্থানীয় লোকে শংকৰ মাছ বুলি কোৱাৰ লগতে সেই মাছটি হাতীৰ কাণৰ স’তে মিল আছে বুলি কয় । ৮ ফুট দীঘল আৰু ৫ ফুট বহল এই বিশাল মাছটো ‘ফিছ ট্রেডিং ফাৰ্ম’ক ৫০,০০০ টকাত বিক্ৰী কৰে । এই মাছটো ধৰাৰ পিছত মাছটো চাবলৈ বহু লোকৰ সমাগম হৈছিল আৰু ইয়াৰ ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ হৈছিল।
ADVERTISEMENT