পৰিচালকে সদৰী কৰিলে ‘টাইটানিক’ৰ নায়কৰ মৃত্যুৰ ৰহস্য

titanic jack rose

বিংশ শতিকাৰ আৰম্ভণিতে আটলান্টিকৰ বুকুত ধ্বংসপ্ৰাপ্ত হৈছিল বিলাসবহুল জাহাজ ‘টাইটানিক’। মৃত্যু হৈছিল যাত্ৰী-নাবিক সহ প্ৰায় ১৫শ লোকৰ । সেই ঘটনাৰ আলমলৈ হলিউদত নিৰ্মাণ হৈছিল বিশ্বৰ অন্যতম সফল ছবি ‘টাইটানিক’ । ছবিখনৰ পৰিচালনা কৰিছিল জেমছ কেমেৰ’নে ।এক কাল্পনিক প্ৰেম কাহিনী সংযোজন কৰি পৰিচালক কেমেৰ’নে এই অতি ব্যয়বহুল ছবিখন নিৰ্মাণ কৰিছিল । ছবিৰ কাহিনী অনুসৰি, জাহাজ ধ্বংসপ্ৰাপ্ত হোৱাৰ পাছত প্ৰেমিকা ৰ’জৰ প্ৰাণৰক্ষা কৰি আটলাণ্টিকৰ হিমশীতল পানীত নিশা উপঙি থাকি মৃত্যুক আঁকোৱালি লয় নায়ক জেকে ।জাহাজৰ কোঠাৰ এখন কাঠৰ দুৱাৰত শুই প্ৰাণৰক্ষা কৰা নায়িকা ৰ’জৰ হাতৰ পৰা এৰাই জেকৰ মৃতদেহ লাহে লাহে পানীৰ গভীৰলৈ সোমাই যোৱা দৃশ্যই প্ৰায় প্ৰতিজন দৰ্শকৰ হৃদয় শোকাৰ্ত কৰি তুলিছিল ।

এই ছবিখনত পৰিচালক জেমছ কেমেৰ’নে সেই সময়ৰ সমাজৰ শ্ৰেণী বিভাজনৰ ৰূপটো পোহৰলৈ আনিবলৈ বিচাৰিছিল।উচ্চবিত্ত পৰিয়ালৰ এগৰাকী সুন্দৰী কন্যা ৰ’জৰ স’তে নিম্নবিত্ত পৰিয়ালৰ সন্তান জেকৰ প্ৰেমক কেন্দ্ৰ কৰিয়ে এই ঐতিহাসিক ভিত্তি থকা ছবিখন নিৰ্মাণ কৰা হৈছিল । এক অনলাইন অনুষ্ঠানত বিখ্যাত পৰিচালকজনে কয়, “ছবিখনত জেকক মাৰি পেলোৱাৰ কাৰণটো আচলতে অতি সাধাৰণ । মূলতঃ টাইটানিক হৈছে এক মৃত্যু আৰু বিচ্ছেদৰ কাহিনী । মৃত্যুৱেহে দুজন লোকক চুড়ান্তভাৱে পৃথক কৰিব পাৰে । জেকক জীয়াই ৰাখি ৰ’জৰ স’তে মিলন ঘটা দেখুওৱা হ’লে ছবিখন একেবাৰে অৰ্থহীন হৈ পৰিলহেঁতেন । আমি বিচাৰিছিলো ‘টাইটানিক’ ছবিখন ‘ট্ৰেজেডী’ হিচাপে দেখুৱাবলৈ।”

লগতে পৰিচালকজনে কয়, “চিত্ৰনাট্যৰ ১৪৭ নম্বৰ পৃষ্ঠাতে লিখা আছিল যে ছবিখনত নায়ক জেকৰ মৃত্যু হ’ব আৰু নায়িকাই তেওঁৰ স্মৃতি ৰোমন্থন কৰিয়ে বাকী জীৱনটো অতিবাহিত কৰিব । সেয়ে জেকক নামাৰি উপায় নাছিল । সেইবাবেই ছবিখনৰ একেবাৰে শেষ মুহূৰ্তত গভীৰ আটলাণ্টিকত ৰ’জে তেওঁ উঠি থকা কাঠৰ দুৱাৰখন জেকৰ স’তে ভাগ নকৰিলে । ইচ্ছা কৰা হ’লে, সেই কাঠৰ টুকুৰাত ধৰি থাকিয়ে দুয়ো বাচিব পাৰিলেহেঁতেন।”

Exit mobile version