ভাৰতত প্ৰৱেশ ব্ৰহ্মাস্ত্ৰ ‘ৰাফেল ‘

rafalaaa 660

২৯ জুলাই ভাৰতীয় বায়ুসেনা, ভাৰতৰ বাবে ঐতিহাসিক দিন । বিয়লি হাৰিয়ানাৰ আম্বালাস্থিত বিমান কোঠত ৰাফেল অৱতৰণৰ লগে লগে নতুন যুগৰ সূচনা হ’ল । লগে লগে দেশ বাসীক আশ্বস্ত কৰি প্ৰতিৰক্ষা মন্ত্ৰীৰ টুইট “পক্ষীয়ে ভাৰতীয় অন্তৰীক্ষ অৱতৰণ কৰিলে । ‘হেপ্পী লেণ্ডিং ইন আম্বালা” ৰাফেলক আম্বালালৈ স্বাগতম জনাই প্ৰতিৰক্ষা মন্ত্ৰীৰ প্ৰথমটো টুইট ।অৱতৰণৰ কিছু সময়ৰ পাছতে ৰাজনাথ সিঙৰ দ্বিতীয়টো টুইট “ৰাফেলে ভাৰতৰ ভূমিত স্পৰ্শ কৰাৰ লগে লগে সামৰিক ইতিহাসত এক নতুন দিগন্তৰ সূচনা হ’ল । এই বহুমাত্ৰিক যুঁজাৰু বিমানে বায়ুসেনাক পূৰ্বতকৈ যথেষ্ট শক্তিশালী কৰি তুলিলে ।”

প্ৰতীক্ষাৰ অন্ত পেলাই ৰাফেল আগমনৰ প্ৰতিটো মুহূৰ্ত দেশবাসীক জনোৱাৰ প্ৰয়োজন আছিল । প্ৰতিটো ক্ষণৰ ধাৰাবাহিকভাৱে শেহতীয়া তথ্য জনাই গৈছিল প্ৰতিৰক্ষা মন্ত্ৰী জনে ।এই ৰাফেল বিমান সমূহৰ অভূতপূৰ্ব উৰণ ক্ষমতা আছে । ইয়াৰ অস্ত্ৰ-শস্ত্ৰ, ৰাডাৰ আৰু সমৰ ক্ষেত্ৰৰ বাবে প্ৰয়োজনীয় সামগ্ৰী কঢ়িওৱা ৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ । ৰাফেলৰ আগমনে আমাৰ দেশলৈ আহিব পৰা যিকোনো বিপদ প্ৰতিহত কৰিবলৈ সম্পূৰ্ণৰূপে সক্ষম ।”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তেওঁৰ সঠিক সিদ্ধান্তৰ বাবে ধন্যবাদ জ্ঞাপন ৰাজনাথ সিঙৰ  “দীর্ঘদিনে বিবাদৰ সন্মুখীন হোৱা ৰাফেল ক্ৰয়ৰ এই পৰিক্ৰমা কেৱল প্ৰধান মন্ত্ৰীৰ বাবেহে সম্ভৱ হ’ল । ফ্ৰান্সৰ সৈতে এই চুক্তি স্বাক্ষৰ ৰ জৰিয়তে ভাৰতলৈ আহিল ৰাফেল ।” লগতে বিভিন্ন সীমাবদ্ধতা আৰু কৰ’নাৰ সংক্ৰমণৰ মাজতো ফ্ৰান্স চৰকাৰ দছল্ট এভিয়েছন আৰু অন্য ফৰাচী কোম্পানী সমূহে সময়ত ৰাফেল যোগান ধৰা বাবে ৰাজনাথ সিঙে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ।

লগতে ৰাজনাথ সিঙে উল্লেখ কৰে “বায়ুসেনাক অধিক শক্তিশালী কৰাৰ বাবেহে এই বিমান সমূহ ক্ৰয় কৰাৰ প্ৰয়োজন আছিল । ৰাফেলক লৈ উত্থাপন হোৱা ভিত্তিহীন অভিযোগৰ উত্তৰ দিয়া হৈছে আৰু এই বিবাদ মীমাংসা কৰা হৈছে ।” লগতে উল্লেখ কৰে যে ইয়াৰ পাছতো যিসকলে বায়ুসেনাৰ শক্তিক লৈ প্ৰশ্ন কৰিব খোজে তেওঁলোক আমাৰ দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে ভাবুকি”।

ইতিমধ্যে ৰাজনাথ সিঙে ৰাফেলৰ ভাৰত আগমনৰ বিভিন্ন আলোক চিত্ৰ আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছে । পূৰ্বে আই এন এছ কলকাতা ৰ কেপ্তেইনে ৰাফেল বিমানক স্বাগতম জনাই উল্লেখ কৰিছিল “আপোনাৰ শক্তিয়ে আকাশ স্পৰ্শ কৰক ।” উল্লেখ্য যে ফ্ৰান্সৰ পৰা প্ৰায় ৭হেজাৰ কিলোমিটাৰ অতিক্ৰম কৰি ভাৰতীয় সীমা প্ৰৱেশৰ লগে লগে ছুখয় বিমানে আদৰি আনে ৰাফেল বিমানক।

Exit mobile version