ট্ৰাভ’লটা পোচাকেৰে পুনৰ ফেশ্ব্যন আইকনৰূপে চৰ্চিত ৰাজকুমাৰী ডায়েনা

RTR4SM0

ৰাজকুমাৰী ডায়েনা প্ৰায়েই নিজৰ পোচাকৰ কাৰণে চৰ্চাৰ শীৰ্ষত থাকে ।ডায়েনাই যিয়েই নিপিন্ধক কিয় সেয়া প্ৰায়েই চৰ্চাৰ শীৰ্ষত থাকে ৷ ডায়েনাৰ কিছুমান পোচাকে আমাক কিছুমান স্মৃতি ৰোমন্থন কৰাত সহায় কৰে ৷ ১৯৮৫ ত ডায়েনাই হুৱাইট হাউচত পৰিধান কৰা ট্ৰাভ’লটা পোচাকজোৰে চৰ্চা লাভ কৰিছে । এই পোচাকযোৰ পৰিধান কৰি ডায়েনাই জ’ন ট্ৰাভ’লটাৰ লগত ডান্স কৰিছিল । এই পোচাকযোৰ ডিজাইন কৰিছিল ভিক্টৰ ইডলিষ্টেইন । এই পোচাকযোৰে ডায়েনাক ৰোমান্তিক লাগিছিল ৷

লগতে ফেশ্বন সন্দৰ্ভত ডায়েনাৰ জীৱনৰ টাৰ্নিং পইন্ট এই পোচাকযোৰ ৷ প্ৰকৃততে ৰাজকুমাৰী ডায়েনাৰ প্ৰত্যেকযোৰ পোচাকেই এটা দশকক চিত্ৰিত কৰে । শেহতীয়াকৈ চৰ্চা লাভ কৰা পোচাকযোৰে ৮০ দশকৰ ফেশ্বনক চিত্ৰিত কৰিছে ৷ হুৱাইট হাউচ ফেশ্বনৰ পিছতে ১৯৮৮ চনত লণ্ডন প্ৰিমিয়াৰ ৱাল ষ্টিটত পৰিধান কৰা ডায়েনাৰ পোচাকযোৰ ফেশ্বনৰ অন্যতম পৰিচায়ক ৷

Exit mobile version