সময়ৰ আহ্বানত এসময়ত হাতত মাৰণাস্ত্ৰ তুলি লোৱা এগৰাকী মহিলা তথা মাতৃৰ জীৱন সংগ্ৰামৰ জীয়া কাহিনী এইয়া । সোণৰ অসম গঢ়াৰ সপোন লৈ সুদীৰ্ঘ প্ৰায় ১০ বছৰ কাল সশস্ত্ৰ সংগ্ৰামত অংশগ্ৰহণ কৰিছিল ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ এইগৰাকী সাহসী মহিলাই । কিন্তু আজি একেগৰাকী মহিলাই কঠোৰ সময়ৰ আহ্বানতে হাতত তুলি লৈছে মেচি দা । গাহৰি মাংস বিক্ৰী কৰি আৰম্ভ কৰিছে জীৱন সংগ্ৰামৰ আন এক নতুন অধ্যায়।
জীৱনৰ প্ৰতিটো জটিল ক্ষণত সাহসেৰে যুজঁ দি অহা এইগৰাকী বিৰাঙ্গনা হৈছে বন্তি চেতিয়া। টিংখাং সমষ্টিৰ ৰাজগড়ৰ ২ নং নভকতীয়া গাঁৱৰ বন্তি চেতিয়া হৈ পৰিছে অন্য দহ গৰাকী নাৰীৰ বাবে আদৰ্শ স্বৰূপ । ১৯৯৯ চনৰ পৰা ২০০৮ চনলৈ সংযুক্ত মুক্তি বাহিনী অসম ( আলফা )ৰ এগৰাকী সক্ৰিয় সদস্যা হিচাপে কন্টকময় জীৱন অতিবাহিত কৰিছিল বন্তি চেতিয়াই। আৰু আলফাত থকাৰ সময়তে তেওঁ ম্যানমাৰত বিবাহপাশত আবদ্ধ হৈছিল সতীৰ্থ বিপ্লৱী নোমল চেতিয়াৰ সৈতে । তাৰ পাছত বিপ্লৱী দম্পতি হালে সশস্ত্ৰ সংগ্ৰামৰ পথাৰত বহু ঘাত-প্ৰতিঘাত অতিক্ৰম কৰি জটিল শাৰীৰিক অৱস্থাৰ বাবে ২০০৮ চনত দুয়ো মূল-সূতিলৈ উভতি আহে।
সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰি নতুনকৈ স্বাভাৱিক দাম্পত্য জীৱনৰ পাতনি মেলাৰ ক্ষেত্ৰত নোমল আৰু বন্তি চেতিয়া কঠিন বাস্তৱৰ সন্মুখীন হ’বলগা হয়। বেংকৰ পৰা ঋণ লৈ ধানৰ মিলৰ ব্যৱসায়ৰ যোগেদি কোনোমতে সংসাৰ চলাই নিয়া দম্পতি হালৰ জীৱনলৈ অহা পুত্ৰ সন্তান বৰ্তমান দশম শ্ৰেণীত অধ্যয়নৰত । ইয়াৰ মাজতে দুবছৰ পূৰ্বে কঠোৰ জীৱন সংগ্ৰাম চলাই নিয়াত সক্ষম বিপ্লৱীক দম্পতি হালৰ মাজলৈ আহে আহে এগৰাকী কন্যা সন্তান। এইদৰে চেতিয়া দম্পতীয়ে সুখ-দুখৰ মাজতে চাৰিজনীয়া পৰিয়ালটো পুহপাল দি আহিছিল ।
পিচে অতিমাৰি কৰ’নাৰ আতংক তথা দীৰ্ঘদিনীয়া তলাবন্ধৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ ব্যৱসায় বন্ধ হৈ পৰাত যথেষ্ট আৰ্থিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় চেতিয়া দম্পতি। অৱশেষত অন্য কোনো উপাৰ্জনৰ পথ নেদেখি বন্তি চেতিয়াই ৫২ নম্বৰ বি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত গাহৰি মাংস বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলে । তেওঁ বৰ্তমান ঘৰত গাহৰি পোহপাল দিয়াৰ লগতে গাহৰি মাংস বিক্ৰী কৰি ঘৰখন চলাই নিয়াৰ ক্ষেত্ৰত স্বামী নোমল চেতিয়াক যথেষ্ট সকাহ দিবলৈ সক্ষম হৈছে । সঁচাকৈয়ে, সাহস আৰু একাগ্ৰতা থাকিলে নাৰীয়ে পুৰুষৰ সমানে সকলো কাম কৰিব পাৰে বুলি বিশ্বাস কৰা বন্তি চেতিয়া বহু নাৰীৰ বাবে হওঁক প্ৰেৰণাৰ উৎস।