আলিগড় দিল্লী জয়পুৰত অপৰাধ সাম্ৰাজ্য

WhatsApp Image 2020 07 31 at 1.55.45 PM

বৃত্তিত মানুহজন আয়ুৰ্বেদিক চিকিৎসক ৷ সম্পূৰ্ণ নাম দেবেন্দ্ৰ শৰ্মা । কিন্তু তেওঁৰ পৰিচয় হৈ পৰিছে এজন কুখ্যাত হত্যাকাৰী হিচাপেহে ৷ এটা দুটা নহয় এইজন চিকিৎসক শতাধিক হত্যাকাণ্ডৰ লগত জড়িত ৷ অৱস্থা এতিয়া এনে পৰ্যায় পাইছেগৈ যে কিমানটা হত্যাকাণ্ড নিজ হাতেৰে সংঘটিত কৰিছিল সেই কথাও মনত পেলাব নোৱাৰা হৈছে । এক দুইকৈ হত্যাৰ কাহিনীবিলাক মনত পেলাবলৈ লয় যদিও ৫০ ৰ সংখ্যা পাৰ হোৱালৈ পাহৰি যায় তেওঁ হত্যা কৰা লোকৰ সংখ্যা ৷ আৰক্ষীয়েও চিকিৎসকজনৰ পৰা উলিয়াব পৰা নাই প্ৰকৃত হত্যাৰ সংখ্যা ।

এই কুখ্যাত অপৰাধীজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নতুন দিল্লীত ৰাজধানী মহানগৰখনৰ বাপৰোলাৰ পৰা দেবেন্দ্ৰ শৰ্মাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ দেবেন্দ্ৰই ইতিমধ্যে শতাধিক লোকক হত্যা কৰিছে ৷ জয়পুৰৰ কেন্দ্ৰীয় কাৰাগাৰাত ১৬ বছৰ ধৰি কাৰাবন্দী হৈ থকা দেবেন্দ্ৰক যোৱা জানুৱাৰীত ২০ দিনৰ বাবে পেৰেলত মুক্তি দিয়া হৈছিল । উত্তৰ প্ৰদেশৰ আলিগড়ৰ বাসিন্দা দেবেন্দ্ৰই কিন্তু পেৰেলৰ দিন সম্পূৰ্ণ হোৱাৰ পিছতো কাৰাগাৰলৈ উভতি নগ’ল ৷ ইয়াৰ পৰিৱৰ্তে নিজৰ গাঁৱৰ ঘৰলৈ গৈ আত্মগোপন কৰে । আৰক্ষীয়ে গোপন সূত্ৰৰ মাধ্যমত লাভ কৰে দেবেন্দ্ৰৰ ঠিকনা ৷

ইয়াৰ পিছতে দিল্লী আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই দেবেন্দ্ৰক গ্ৰেপ্তাৰ কৰে ৷ দিল্লী আৰক্ষীৰ উপ আয়ুক্ত ৰাকেশ পাওৱাৰিয়াই দেবেন্দ্ৰ গ্ৰেপ্তাৰৰ পাছত কয় “যোৱা মাৰ্চ পৰ্যন্ত গাঁৱৰ ঘৰতে দেবেন্দ্ৰই আত্মগোপন কৰে । পাছত বাপৰোলালৈ যায় । বাপৰোলাৰত থকা সময়তে এগৰাকী বিধবা মহিলাক বিয়া কৰাই নতুন জীৱন আৰম্ভ কৰে । বিয়া কৰোৱা মহিলাগৰাকী দেবেন্দ্ৰৰ অপৰাধ সন্দৰ্ভত সম্পূৰ্ণ জ্ঞাত আছিল ৷ বাপৰোলাত থকাৰ সময়তে দেবেন্দ্ৰই ঘৰ মাটি বেচা কিনাত লাগি পৰে ।”

শেহতীয়াকৈ দিল্লীৰ কন্ট প্লেচস্থিত মাৰ্শেল হাউচ বিক্ৰীৰ সন্দৰ্ভত জয়পুৰৰ এজন গ্ৰাহকেৰে চুক্তিও সম্পন্ন কৰিছিল দেবেন্দ্ৰই ৷ কিন্তু এজন চিকিৎসক কেনেকৈ এজন পেছাদাৰি হত্যাকাৰীলৈ পৰিণত হ’ল সেয়া অতি চাঞ্চল্যকৰ ৷ বিহাৰৰ চিৱানৰ পৰা চিকিৎসকৰ শিক্ষা গ্ৰহণ কৰা দেবেন্দ্ৰই পৰৱৰ্তী সময়ত ৰাজস্থানৰ জয়পুৰলৈ যায় । ১৯৮৪ ত জয়পুৰত এখন ক্লিনিক খোলে । ১৯৯২ ত গেছৰ বিতৰকৰ ব্যৱসায়ৰ বাবে ১১ লাখ টকা বিনিয়োগ কৰে । কিন্তু ব্যৱসায়ত সফল হ’ব নোৱাৰিলে ৷ ফলত জীৱনলৈ নামি আহে আৰ্থিক সংকট । ইয়াৰ পাচত ধনৰ বাবে অপৰাধৰ জগতত প্ৰবেশ কৰে দেবেন্দ্ৰই । ১৯৯৪ ত কিডনিৰ অবৈধ ব্যৱসায়ত জৰিত হৈ পৰে । জয়পুৰৰ পৰা এই অবৈধ বেহা কালক্ৰমত বল্লভগড় তথা গুৰুগ্ৰামলৈ সম্প্ৰসাৰণ হয় ।

১৯৯৪ ৰ পৰা ২০০৪ পৰ্যন্ত ১২৫ জনৰো অধিক লোকৰ অস্ত্ৰোপচাৰৰ জৰিয়তে গোপনে কিডনি উলিয়াই নিয়ে । এনে এটা কিডনীৰ বাবে লাভ কৰিছিল পাঁচৰ পৰা সাতলাখ টকা ৷ লগতে এই কামৰ সমান্তৰালভাৱে ১৯৯৫ ত আলিগড়ত ভূৱা গেছৰ এজেন্সিও খোলে ৷ এই অপৰাধ কাৰ্য আগবঢ়াই নিবলৈ বহু কেইজনক সহযোগী হিচাপে লৈছিল দেবেন্দ্ৰই । হত্যাকাণ্ড অধিক সংঘটিত কৰিছিল আলিগড়ত। ভাড়া কৰি অনা টেক্সিৰ বহু চালকক হত্যা কৰি কাচগঞ্জত ঘৰিয়ালৰ খাদ্য হ’বলৈ পেলাই দিছিল ৷

এনে চুৰি টেক্সি বিক্ৰী কৰিছিল ২০-২৫ হাজাৰ টকাত । ৰন্ধন গেছ আৰু ট্ৰাকো এনে দৰে চালকক হত্যা কৰি চুৰি কৰা হৈছিল ৷ চিলিণ্ডাৰ বিক্ৰী কৰিছিল নিজৰ ভূৱা এজেন্সিৰ দ্বাৰা, কিন্তু ২০০৪ ত কিডনি চুৰিৰ বাবে জয়পুৰৰ বহু কেইজন চিকিৎসকৰ স’তে গ্ৰেপ্তাৰ হয় দেবেন্দ্ৰ ৷ তাৰ পাছত ১৫ বছৰজোৰা কাৰাৰুদ্ধ জীৱন ৷ কিন্তু ২০ দিনৰ বাবে মুকলিলৈ আহিয়েই পুনৰ আৰম্ভ কৰিলে অপৰাধ ৷

Exit mobile version