নতুন দল গঠনৰ অনুমোদন আছুৰ

Screenshot 2020 08 01 11 38 52 75 e2d5b3f32b79de1d45acd1fad96fbb0f

সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলনৰ পটভূমিত প্ৰস্তাৱিত সদৌ অসম ছাত্ৰ সন্থাৰ নতুন ৰাজনৈতিক দল গঠন প্ৰক্ৰিয়াত আনুষ্ঠানিকভাৱে অনুমোদন দিলে আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে । অৱশ্যে আছুৰ “অৰাজনৈতিক চৰিত্ৰ” অক্ষুণ্ণ ৰাখিহে এই নতুন দল গঠন কৰিব পাৰিব বুলি কাৰ্যনিৰ্বাহকে স্পষ্ট কৰি দিয়ে । উল্লেখযোগ্য যে বিগত কে’বামাহ ধৰি আছুৰ প্ৰস্তাৱিত নতুন ৰাজনৈতিক দল গঠনৰ সন্দৰ্ভত ব্যাপক চৰ্চা অব্যাহত থকাৰ মাজতে শুক্ৰবাৰে উজানবজাৰস্থিত ছহিদ ন্যাসত ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অনুষ্ঠিত হয় ।

এই বৈঠকতে নতুন দল গঠনৰ সন্দৰ্ভত আগষ্টৰ প্ৰথমাৰ্ধত ৰাজ্যখনত সামাজিকভাৱে জড়িত বিশিষ্ট ব্যক্তিসকলক লৈ এক জাতীয় অভিৱৰ্তন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । এই অভিৱৰ্তনেই নতুন দল গঠন প্ৰক্ৰিয়াত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব বুলি আছু নেতৃত্বই সদৰী কৰিছে ৷ আছুৰ সভাপতি দীপাংকৰ নাথে এই সন্দৰ্ভত কয় “কৰ’নাকেন্দ্ৰিক পৰিস্থিতিৰ বাবেই এই প্ৰক্ৰিয়া কিছু লেহেমীয়া হৈছিল । কিন্তু এটা কথা ঠিক যে অসমৰ জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ ৰাজ্যখনৰ সমস্যাৰ ওপৰত জ্ঞান থকা সামাজিক গৱেষকক লৈ গঠিত এখন সমিতিয়ে ইয়াৰ নিৰ্ণায়ক সিদ্ধান্ত গ্ৰহণ কৰিব আৰু সেই সিদ্ধান্ত মৰ্মেই ছাত্ৰ সন্থাই ভৱিষ্যতৰ দিনত আগবাঢ়িব ।

অৱশ্যে ছাত্ৰ সন্থাই চিৰকালৰ বাবে অৰাজনৈতিক সংগঠন হিচাপে কাম কাজ কৰি যাব ৷ জাতীয় স্বাৰ্থ সুৰক্ষিত কৰিবলৈ তেনে এক ৰাজনৈতিক শক্তি আৱিৰ্ভাৱ হোৱাত সহায় কৰিব ৷ একেদৰে আছুৰ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে ছাত্ৰ সন্থাই প্ৰত্যক্ষভাৱে ৰাজনৈতিক চিন্তা চেতনাৰ লগত কেতিয়াও জড়িত নহয় বুলি কয় উল্লেখ কৰি প্ৰস্তাৱিত দলটোৰ সন্দৰ্ভত কয় “অসমৰ জনসাধাৰণৰ চিন্তা বা আৱেগ বৰ্তমানে থকা ৰাজনৈতিক শক্তিসমূহে প্ৰতাৰণা কৰিছে ৷ তেওঁলোকৰ ভিন্ন ৰূপ জনসাধাৰণে বিগত সময়ত প্ৰত্যক্ষ কৰিছে ৷ ফলত জাতীয়তাবাদৰ আপোচবিহীন নতুন ৰাজনৈতিক পৰিৱৰ্তনৰ চিন্তা হতাশাগ্ৰস্ত জনতাৰ মনলৈ আহিছে । অসমৰ জাতীয় জীৱন সুৰক্ষিত কৰিবলৈ সঠিক সময়ত সঠিক সিদ্ধান্ত ল’ব বুলি মই বিশ্বাস কৰো  ।”

জাতিটোক আটাইতকৈ বেছি ভয়াৱহতাৰ দিশলৈ বিজেপি চৰকাৰে ঠেলি নিয়া বুলি গগৈয়ে পুনৰ মত ব্যক্ত কৰি কয় যে বিজেপিক প্ৰতিহত কৰাৰ ক্ষেত্ৰত আগন্তুক দিনত মূল বিষয় হ’ব সংশোধিত নাগৰিকত্ব আইন ৷ ইয়াৰ বিৰুদ্ধে জনসাধাৰণক সচেতনত কৰি তুলিব লাগিব ৷ এই ক্ষেত্ৰত জনতাই সঠিক সময়ত সঠিক শৰ মাৰিব আৰু জাতিয়ে ভাল উত্তৰ পাব ৷ কাৰণ জাতিৰ শত্ৰুক কেতিয়াও জাতিয়ে ক্ষমা নকৰে ৷

উল্লেখযোগ্য যে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহকত স্থান পায় সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলনকে ধৰি কে’বাটাও জলন্ত সমস্যাই ৷ শীঘ্ৰে ৰাজ্যত পুনৰ আন্দোলনকে ধৰি ৰাজ্যখনৰ সাম্প্ৰতিক সময়ত উদ্ভৱ হোৱা কে’বাটাও জলন্ত সমস্যাই৷ শীঘ্ৰে ৰাজ্যত পুনৰ শক্তিশালীৰূপত সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলন গঢ়ি তোলাৰ লক্ষ্যৰে এলানি কাৰ্যসূচী প্ৰস্তুত কৰিবলৈ এই বৈঠকত সিদ্ধান্ত লোৱাৰ সমান্তৰালভাৱে বান সমস্যা, নতুন শিক্ষা নীতি, নতুন বন জলবায়ু পৰিবেশ আইন, দিহিং পাটকাই কয়লা খনন, বাঘজানৰ অগ্নিকাণ্ড, ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান, অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণ প্ৰতিবেদন সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা বুলি আছু নেতৃত্বই সদৰী কৰিছে ৷ আনহাতে কাৰ্যনিৰ্বাহক সভাই অহা অক্টোবৰত আছুৰ পূৰ্ণাংগ অধিবেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে ।

Exit mobile version