সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাই ৪৫ দিন অতিক্ৰম কৰিলে ৷ আৰক্ষীয়ে সদ্যহতে সুশান্তৰ আত্মহত্যাৰ প্ৰমাণ গোটোৱাত দিনে নিশাই তদন্ত কৰিছে ৷ এফালে বিহাৰ পুলিছে সুশান্তৰ পিতৃ কেকে সিঙে ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে দিয়া এজাহাৰৰ ভিত্তিত তদন্ত কৰিছে ৷ আনহাতে মুম্বাইৰ পুলিচেও বিভিন্ন জনক সোধ পোছ কৰিছে । ইয়াৰ মাজতে সুশান্তৰ গাৰ্লফ্ৰেণ্ড অংকিতা লোখণ্ডেই সংবাদমাধ্যমৰ আগত সদৰী কৰা তথ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
অংকিতাই কয় “মই নাজানোৱেই যে ক’ৰ পৰা সুশান্ত হতাশাত ভোগা প্ৰসংগতো আৰম্ভ হ’ল । কিন্তু মই বিশ্বাস নকৰো কাৰণ সুশান্ত বহুত শক্তিশালী ব্যক্তি আছিল । এদিন আমাৰ মাজত কাৰোবাৰ আত্মহত্যাক লৈ কথা বতৰা হওঁতে সুশান্তে মোক কৈছিল যে মোৰ যদি এনেকুৱা চিন্তা আহে তেন্তে ১৫ মিনিটতে মই নিজক ঠিক কৰি ল’ম । সুশান্তে কৈছিল আত্মহত্যা কৰাটো বেয়া কথা ।”
আনহাতে ইয়াৰ পূৰ্বে এটা ব্যক্তিগত চেলেনত অংকিতাই কৈছিল “সুশান্ত আত্মহত্যা কৰিব পৰা ব্যক্তি নহয় । আমি বহুত বেয়া পৰিস্থিতিৰ সন্মুখীন হৈছিলো ৷ তেওঁ বহুত আনন্দৰে সময় অতিবাহিত কৰিছিল । মই যিমানদূৰ জানো সুশান্ত হতাশাত ভূগিব পৰা ব্যক্তি নাছিল ৷ মই তেওঁৰ দৰে মানুহ দেখা নাই । তেওঁ নিজৰ সপোনবোৰক ডায়েৰীত লিখি গৈছিল ৷ অনাগত পাঁচ বছৰত তেওঁ কি কি কৰিব তাৰ এখন তালিকা তৈয়াৰ কৰিছিল সুশান্তে । আৰু সেই সপোন বাস্তৱত পৰিণত হৈছিল সুশান্তৰ ৷ যেতিয়াই সুশান্তৰ নামৰ পিছত হতাশা শব্দটো শুনো তেতিয়া বহুত দুখ লাগে। আৰু তেওঁক বায়’প’লাৰ কোৱাটো বহুত ডাঙৰ কথা ৷”
উল্লেখযোগ্য যে সুশান্ত আৰু অংকিতা সাতবছৰ একেলগে থকাৰ পিছত ২০১৬ত ব্ৰেকআপ হয় ৷ ইয়াৰ পিছত কোনো সম্পৰ্ক নাছিল দুয়োজনৰ মাজত ৷ অংকিতাৰ মন্তব্য আমি জানো যে আগৰ দৰে আমি কথা বতৰা পাতিব নোৱাৰিম ৷ সেয়েহে মই নম্বৰ ডিলিট কৰি দিছিলো ৷