বানাক্ৰান্তক সহায়ৰ বাবে ব্যতিক্ৰমী প্ৰয়াস এজন যুৱকৰ: চিত্ৰশিল্পৰে সপোন পূৰণৰ ইচ্ছা

WhatsApp Image 2020 08 02 at 7.58.41 PM

“মানুহে মানুহৰ বাবে”, এই বাক্যশাৰীকে লক্ষ্য হিচাপে লৈ বানাক্ৰান্ত ৰাইজক সহায়ৰ বাবে এক ব্যতিক্ৰমী প্ৰয়াস এজন যুৱকৰ । তলাবন্ধৰ মাজতে বানপানীৰ সমস্যাই অসমৰ বানাক্ৰান্ত ৰাইজক জুৰুলা কৰিছে। বানাক্ৰান্ত ৰাইজৰ দুখ-দুৰ্দশা সহিব নোৱাৰি সহায়ৰ বাবে আগবাঢ়ি আহিছে বঙাইগাঁও জিলাৰ দেউৰিপাৰাৰ যুৱক ধনঞ্জয় ৰায় । বানাক্ৰান্ত ৰাইজক সহায়ৰ বাবে ধনঞ্জয়ে গ্ৰহণ কৰিছে সাহাৰ্য সংগ্ৰহৰ এক ব্যতিক্ৰমী পন্থা । চিত্ৰশিল্পত আগ্ৰহী উক্ত যুৱক জনে এশ জন লোকৰ প্ৰতিচ্ছবি অংকন কৰাৰ লক্ষ্য হাতত লৈছে ।

সেই প্ৰতিচ্ছবিৰ বিনিময়ত লাভ কৰা মাননীৰে বানাক্ৰান্ত ৰাইজক পাৰ্যমানে সহায় কৰিব বিচাৰে ধনঞ্জয়ে । এই সন্দৰ্ভত ধনঞ্জয়ে যোৱা ১ আগষ্টত ফেচবুকযোগে এটা পোষ্ট আগবঢ়াইছে । এই পোষ্টটোৰ জৰিয়তে ধনঞ্জয়ে ইচ্ছুক লোকক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে । ৰাইজৰ সহায়ৰ বিনিময়ত ধনঞ্জয়ে সহায়কাৰীক এখনকৈ প্ৰতিচ্ছবি অংকন কৰি দিব । তেওঁ ইতিমধ্যে এই ক্ষেত্ৰত ৰাইজৰ সহাঁৰি লাভ কৰি যথেষ্ট উৎসাহী হৈছে । ফেচবুকত উক্ত পোষ্ট প্ৰত্যক্ষ কৰি তেওঁক বহুজনে ছবি আঁকিবলৈ যোগাযোগ কৰিছে । এদিনত ধনঞ্জয়ে তিনিজন লোকৰ প্ৰতিচ্ছবি আঁকি উলিয়াইছে আৰু আন চাৰিখন প্ৰতিচ্ছবি অৰ্দ্ধাংশ সম্পূৰ্ণ হোৱা বুলি জানিবলৈ দিয়ে ।

এই সন্দৰ্ভত ধনঞ্জয়ে কয়, “তলাবন্ধৰ বাবে ৰাইজৰ ঘৰে-ঘৰে অথবা বাটে-পথে সাহাৰ্য সংগ্ৰহ কৰা অসম্ভৱ । সেইবাবে মই এই বিনিময় প্ৰথাৰ জৰিয়তে সাহাৰ্য আহ্বান জনাইছোঁ । মই ছবি আঁকি দিম, বিনিময়ত মোক সহায়কাৰী সকলে দিয়া ধনেৰে মই বানাক্ৰান্ত ৰাইজক সহায় কৰিব বিচাৰিছোঁ ।” এই মাহৰ শেষলৈকে বানাক্ৰান্ত ৰাইজক সহায় আগবঢ়োৱাৰ পৰিকল্পনা ধনঞ্জয়ৰ। তেওঁক সহায় কৰিব বিচৰা সকলে তেওঁৰ ৯৭০৬২১১৪২৮ নম্বৰত ফোন অথবা হোৱাটচএপ যোগে যোগাযোগ কৰিব পাৰিব । এটা দুখীয়া পৰিয়ালৰ পিতৃহাৰা যুৱকজনে আৰ্থিক অভাৱৰ বাবেই উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ পিছত শিক্ষা সমাপ্ত কৰে ।

বৰ্তমান এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত যুৱকজনে চিত্ৰশিল্পৰ ক্ষেত্ৰতো আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাই । কিন্তু চিত্ৰশিল্পত ৰাপ থকা যুৱকজনে নিজ অধ্যৱসায়ৰ জৰিয়তে আঁকি উলিয়াইছে এখনৰ পিছত আন এখন ছবি । উল্লেখ্য যে, ধনঞ্জয়ে যোৱাবছৰ আন বন্ধুৰ সৈতে লগ হৈ বঙাইগাঁওৰ কাকৈজানাৰ মুঠ ২১টা বানাক্ৰান্ত পৰিয়ালক সহায় আগবঢ়াইছিল।

Exit mobile version