নিউয়ৰ্কত কৰ’নাত জাৰ্মান শ্বেফাৰ্ডৰ মৃত্যু

Screenshot 10

সমগ্ৰ বিশ্বত কৰ’না মহামাৰীয়ে সংহাৰ চলোৱাৰ পিছতে এতিয়া মানুহৰ লগে লগে জীৱ -জন্তুৰো আশংকা বৃদ্ধি পাইছে । মানুহৰ মৃত্যুৰ পাছত কৰ’নাত জীৱ -জন্তুৰো মৃত্যু হ’বলৈ লৈছে । নিউয়ৰ্কত এটা জাৰ্মান শ্বেফাৰ্ডৰ শৰীৰত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছত কুকুৰটোৰ মৃত্যু হয় । অৱশ্যে কুকুৰটোৰ মৃত্যুৰ কাৰণক লৈ এতিয়াও নিশ্চিত হ’ব পৰা নাই বিশেষজ্ঞ সকলে ।

নিউয়ৰ্কৰ ষ্টেটেন আইলেণ্ডস্থিত কুকুৰটোৰ গৰাকীৰ শৰীৰত প্ৰথমে কৰ’না ভাইৰাছৰ সংক্ৰমণ ধৰা পৰে । ইয়াৰ কেইদিনমান পিছতে কুকুৰটোৱে শ্বাস -প্ৰশ্বাস লোৱাত কষ্ট অনুভৱ কৰে । পাছত জাৰ্মান শ্বেফাৰ্ডটো কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ তথ্য প্ৰকাশ পায় । কুকুৰটোৰ শাৰীৰিক অৱস্থাৰ দৈনিক অধিক অৱনতি ঘটিবলৈ ধৰে । তেজ বমি কৰিবলৈ আৰম্ভ কৰে । শেষত কুকুৰটোৰ মৃত্যু হয় ।

নিউয়ৰ্কত এটা কুকুৰ কৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ মাৰ্কিন প্ৰশাসনৰ হাতত পৰে । কুকুৰটো কৰ’না পজিটিভ আছিল যদিও মৃত্যুৰ কাৰণ নিশ্চিত হোৱা নাই । পশু চিকিৎসকৰ মতে কুকুৰটোৰ ‘লিম্ফোমা’ অৰ্থাৎ শ্বাস-প্ৰশ্বাস ব্যৱস্থাত কৰ্কট ৰোগ হৈছিল । নিউয়ৰ্কৰ স্বাস্থ্য বিভাগে কুকুৰটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে । কুকুৰ টোৰ গৰাকীক স্বাস্থ্য বিভাগৰ পৰা বিচৰা হৈছিল যদিও বিচাৰি নোপোৱাত মৃতদেহৰ শেষকৃত্য সম্পন্ন কৰি পেলোৱা হয় ।

Exit mobile version