অসমত ইতিমধ্যে এশ শতাংশ কৰ্মচাৰীৰ উপস্থিতিৰে চৰকাৰী কাৰ্যালয় আৰম্ভ কৰাৰ নিৰ্দেশ দিয়া হৈছিল যদিও বাস্তৱত সেয়া ৰূপায়ণ নহ’ল । তদুপৰি সপ্তাহৰ আন দিনকেইটাত বিশেষকৈ বুধবাৰৰ পৰা শুক্ৰবাৰলৈ কাৰ্যালয়বোৰত কৰ্মচাৰীৰ উপস্থিতিৰ ক্ষেত্ৰত জটিলতা অধিক বৃদ্ধিৰ সম্ভাৱনা বাঢ়িছে । যাতায়ত ব্যৱস্থাত থকা বাধা নিষেধ আৰু তাৰ বিকল্প ব্যৱস্থা কৰ্মচাৰীসকলৰ ক্ষেত্ৰত গ্ৰহণ নকৰাৰ বাবেই এনে জটিলতাৰ সৃষ্টি হৈছে ৷ এশ শতাংশৰ উপস্থিতি দিনটোত ৰাজ্য প্ৰশাসনৰ অভিকেন্দ্ৰ জনতা ভৱনত অধিকাংশ কৰ্মচাৰী উপস্থিত থাকে ৷
একেদৰে মহানগৰীত থকা বিভিন্ন বিভাগৰ কাৰ্যালয়বোৰত ৬০ৰ পৰা ৭০ শতাংশ কৰ্মচাৰী উপস্থিত থাকে ৷ কাৰণ সোমবাৰ আৰু মংগলবাৰে আন্তঃজিলা যোগাযোগ ব্যৱস্থাত অনুমতি দিয়া হয় যদিও তলাবন্ধৰ বাবে গুৱাহাটীৰ বাহিৰত ঘৰ থকা কৰ্মচাৰীসকলৰ বহুতেই ঘৰলৈ যোৱাৰ পাচত সময়মতে উভতি আহিব নোৱাৰিলে ৷ মূলতঃ যিসকলে ৰাজহুৱা পৰিবহন ব্যৱস্থাৰে দৈনিক গুৱাহাটীৰ কাৰ্যালয়লৈ ঘৰৰ পৰা অহা যোৱা কৰে সেইসকলৰ ক্ষেত্ৰত এনে হয় । আজি অৱশ্যে অধিকাংশ কৰ্মচাৰীৰ উপস্থিতিৰ আশা কৰা হৈছে ।
কিন্তু বুধবাৰৰ পৰা পৰিস্থিতি বিপৰীত হ’ব । বিশেষকৈ যিসকলে ঘৰৰ পৰা দৈনিক যাতায়ত কৰে অথবা গুৱাহাটীত থকাৰ কোনো ব্যৱস্থা নাই তেওঁলোকৰ ক্ষেত্ৰত উপস্থিতিৰ জটিলতা বাঢ়িব ৷ এনে কৰ্মচাৰীসকলক যাতায়তৰ ব্যৱস্থা এই পৰ্যন্ত চৰকাৰে গ্ৰহণ কৰা নাই । ইয়াৰ পূৰ্বৰ তলাবন্ধতো কেৱল মহানগৰীৰ পৰিসীমাৰ ভিতৰতহে কৰ্মচাৰীৰ সুবিধাৰ বাবে নিৰ্দিষ্ট সংখ্যক যান বাহনৰ ব্যৱস্থা কৰা হৈছিল ৷ যাতায়তৰ অসুবিধাৰ ফলত সৃষ্টি হোৱা এনে পৰিস্থিতিৰ সন্দৰ্ভত অসম সচিবালয় সেৱা সন্থা আৰু সদৌ অসম কৰ্মচাৰী পৰিষদে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ কৰ্মচাৰী পৰিষদৰ সাংগঠনিক সম্পাদক তথা সচিবালয় সেৱা সন্থাৰ সাধাৰণ সম্পাদক পাৰ্থ হাজৰিকাই কয় যে গুৱাহাটীৰ বিভিন্ন কাৰ্যালয়ত কৰ্মৰত এনে বহু লোক আছে যি নিতৌ ঘৰৰ পৰা ৰাজহুৱা পৰিবহন ব্যৱস্থাৰে অহা যোৱা কৰে ।
বিশেষকৈ গুৱাহাটীৰ সমীপৰ জিলাবোৰৰ পৰা অহা এনে কৰ্মচাৰীৰ মহানগৰীত থকাৰ ব্যৱস্থাও নাই ৷ উল্লেখযোগ্য যে অসম চৰকাৰৰ শেহতীয়াকৈ জাৰি কৰা নিৰ্দেশনা অনুসৰি আগন্তুক কে’বাদিনলৈ সপ্তাহৰ কেৱল সোম আৰু মংগলবাৰে আন্তঃজিলা যাতায়ত খোলা থাকিব ৷