আজি ৰামমন্দিৰৰ আধাৰশিলা স্থাপন

a95118d3 0367 43bd a82f 86ff106ae94a

সকলো জল্পনা-কল্পনাৰ, বিবাদৰ অন্ত পেলাই আজি অযোধ্যাত সম্পন্ন হ’ব ৰামমন্দিৰৰ ভূমিপূজন আৰু শিলন্যাস ৷ মাত্ৰ কেইঘন্টামানৰ পিচতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ভূমিপূজা আৰু শিলন্যাস কৰাৰ লগে লগে অন্ত পৰিব ৰামভক্তসকলৰ প্ৰায় পাঁচশ বছৰীয়া প্ৰতীক্ষাৰ । আজিৰ অনুষ্ঠানৰ পাছতে ৰামজন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ তত্ত্বাৱধানত ৰাম জন্মভূমিত জোৰ কদমত আৰম্ভ হ’ব হিন্দু ধৰ্মাৱলম্বীৰ অন্যতম আৰাধ্য ভগৱান শ্ৰীৰামৰ বহু চৰ্চিত মন্দিৰ ৷

ইয়াৰ বাবে অযোধ্যাত ইতিমধ্যে উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হৈছে । ইয়াৰ সমান্তৰালকৈ কঠোৰ নিৰাপত্তা আৰু কৰ’না ভাইৰাচৰ যাৱতীয় সতৰ্কতা। সম্প্ৰতি অযোধ্যাৰ পৰিবেশ হৈ পৰিছে ৷ দীপাৱলীসদৃশ পৰিবেশ ৷ নিশা হেজাৰ হেজাৰ বন্তি আৰু বিজুলি বাতিৰ পোহৰেৰে চৌদিশ আলোকোজ্জল কৰি তোলা হয় ৷ সেইদৰে দিনত চহৰখনৰ বাট পথৰ চৌদিশে দুটা ৰঙ দেখিবলৈ পোৱা গৈছে হালধীয়া আৰু গেৰুৱা । বাট-পথ সকলো পৰিস্কাৰ ৷ ভূমিপূজন আৰু শিলন্যাসত স্বয়ং প্ৰধানমন্ত্ৰী উপস্থিত থাকিব কাৰণেই সমগ্ৰ অঞ্চলটো সুৰক্ষা কবছেৰে ঢাকি পেলোৱা হৈছে ৷

মূল পূজাৰ স্থানত চাৰিশ মিটাৰ আগৰে পৰাই প্ৰবেশ নিষিদ্ধ ৷ ৰাস্তাৰ প্ৰতিটো পাকতে সংলগ্ন চিচি কেমেৰা ৷ সেই স্থানত সাংৱাদিকৰো প্ৰবেশ নিষেধ ৷ কৰ’না ভাইৰাছৰ সতৰ্কতামূলক ব্যৱস্থাৰূপে আজি ৰাম মন্দিৰৰ ভূমি পূজনত বেছি অতিথিক নিমন্ত্ৰণ কৰা হোৱা নাই । মাত্ৰ ১৮৫ জন বিশেষ অতিথিক আমন্ত্ৰণ জনাইছে তীৰ্থক্ষেত্ৰৰ ন্যাসে । ইয়াৰ ভিতৰত ১৩৫ জন সাধু সন্ত আৰু ধৰ্মগুৰু ৷ বাকী ৫০ জন ৰাজনীতিবিদ তথা পদাধিকাৰী ৷

ইতিমধ্যে আজি পুৱা ৯.৩০ মিনিটত প্ৰধানমন্ত্ৰী মোদী অযোধ্যাৰ অভিমুখে উৰা মাৰিচে । লক্ষ্ণৌৰ পৰা তেওঁ হেলীকপ্তাৰত উঠি অযোধ্যাত উপস্থিত হ’ব ৷ প্ৰায় ১১.৩০ ত অযোধ্যাত উপস্থিত হৈ প্ৰধানমন্ত্ৰীয়ে প্ৰথমে অযোধ্যাৰ হনুমানগঢ়ী মন্দিৰত পূজা আগবঢ়াব । প্ৰায় ১২ বজাত মোদী ৰামজন্মভূমিত উপস্থিত হোৱাৰ কথা ৷

আনহাতে ১২.৪০ ত হ’ব ৰামমন্দিৰৰ শিলন্যাস ৷ইয়াত ব্যৱহৃত হ’ব ৪০ কেজি ওজনৰ ৰূপৰ শিলা । সেইসময়ত প্ৰধানমন্ত্ৰীৰ কাষত থাকিব মাত্ৰ চাৰিজন লোক ৷ প্ৰধানমন্ত্ৰী মোদীয়ে ভূমিপূজনৰ সময়ত ৰামৰ চৰণত নিজহাতেৰে লাডু নিবেদন কৰিব ৷ সেই লাডু সজাই ৰখা হ’ব ১১১ খন কাঁহীত ৷ অযোধ্যাৰ মণিৰাম দাসৰ চাউনীত মুঠ এক লাখ ২৫ হেজাৰ লাডু প্ৰস্তুত কৰা হৈছে । যাৰ নাম হৈছে ৰঘূপতি লাডু। লাডু বিতৰণৰ কাৰণে ১১ হেজাৰ তীখাৰ টিফিনবক্স ক্ৰয় কৰা হৈছে ৷ প্ৰধানমন্ত্ৰী পূজাৰ অন্তত সেই বেগসমূহ ভক্তৰ হাতত তুলি দিয়া হ’ব ।

উল্লেখযোগ্য যে কালিৰে পৰা আৰম্ভ হৈছে ৰাম মন্দিৰৰ পূজা অৰ্চনা ৷মংগলবাৰে প্ৰথমে কৰা হয় গণেশ পূজা। ৰাম কি পৌডি ঘাটত আৰতি আৰু হোমযজ্ঞ সম্পন্ন হয়। সৰযু নদীৰ দলং আৰু একাংশ স্থানত বন্তি জ্বলোৱা হয় । লগতে অখণ্ড ৰামায়ণ পাঠ, ভগৱান ৰাম আৰু দেৱী সীতাৰ আৰাধনা কৰা হয়। সেইদৰে আজি ৰাম কি পৌডি ঘাটত আৰতি কৰা হয়। হনুমানগঢ়ীত নিচান পূজা অনুষ্ঠিত হয় ।

আনহাতে পূৰ্বৰ পৰিকল্পনাতকৈ দ্বিগুণ হ’ব ডাঙৰ হ’ব ৰামমন্দিৰ ৷ এইকথা জনাইছে ৰাম মন্দিৰৰ নক্সা তৈয়াৰ কাৰী চন্দ্ৰকান্ত ভাই ছ’ম্পুৰাই ৷এতিয়া মন্দিৰত থাকিব পাঁচটা চূড়া। যাতে অধিক লোকে মন্দিৰ দৰ্শন কৰিব পাৰে ৷লগতে মূল গৰ্ভগৃহৰ ওপৰত থাকিব চূড়াৰ শিখৰ ৷ বাঢ়িব উচ্চতাও ৷ ছম্পুৰাই লগতে সদৰী কৰে যে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পাচতে নক্সা সলনিৰ সিদ্ধান্ত লোৱা হয় ।

Exit mobile version