এজন প্ৰতিভাৱান কলাকাৰৰ মৃত্যু হ’ল, প্ৰকৃত ঘটনা পোহৰলৈ আহিব লাগেঃ উচ্চতম ন্যায়ালয়

sushant singh rajput old photos 1200

সুশান্ত সিং ৰাজপুতৰ সন্দৰ্ভত অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক বুধবাৰে উচ্চতম ন্যায়ালয়ে শুনানি দিছে ৷ ন্যায়ালয়ে কয় “এজন প্ৰতিভাৱান কলাকাৰে বিদায় মাগিলে ৷ তেওঁৰ মৃত্যু অবাঞ্চিত ৷ গতিকে প্ৰকৃত ঘটনা পোহৰলৈ আহিব লাগে । ইফালে ৰিয়াই সুশান্তৰ পিতৃৰ ফালৰ পৰা দিয়া গোচৰ মুম্বাইলৈ আনিবলৈ বিচাৰিছে ৷ এই সন্দৰ্ভত এসপ্তাহৰ পিছত হ’ব লগীয়া শুনানিৰ কাৰণে উচ্চতম ন্যায়ালয়ে বিহাৰ,মহাৰাষ্ট্ৰৰ চৰকাৰে সুশান্তৰ পিতৃৰ পৰা ৩ দিনৰ ভিতৰত লিখিত প্ৰতিক্ৰিয়া বিচাৰিছে ৷

ইপিনে মহাৰাষ্ট্ৰ পুলিচে আদালতত কয় যে সুশান্ত সিং ৰাজপুতৰ তদন্ত পাটনা পুলিচৰ আওতাত নহয় । এই ঘটনাক ৰাজনৈতিকভাবে বিচাৰ কৰা হৈছে । আনহাতে সুশান্তৰ পিতৃৰ অধিবক্তাই কয় যে মহাৰাষ্ট্ৰ চৰকাৰৰ পুলিচে সকলো প্ৰমাণ নষ্ট কৰিছে । বিহাৰৰ আৰক্ষী বিষয়া বিনয় তিৱাৰীক কোৱাৰেন্টাইন কৰা সন্দৰ্ভত আদালততে কয় যে মহাৰাষ্ট্ৰৰ পুলিচে সকলো কাম দায়িত্ব সহকাৰে পালন কৰিলেও এই কাৰ্যৰ দ্বাৰা ভাল বাৰ্তা সমাজলৈ যোৱা নাই ।

সুশান্তৰ গাৰ্লফ্ৰেণ্ড ৰিয়াৰ সন্দৰ্ভত বিহাৰৰ ডিজিপি গুপ্তেশ্বৰ পাণ্ডোই কয় “ৰিয়া এতিয়া আমাৰ সম্পৰ্কত নাই । ৰিয়া লুকাই আছে ৷ আমি জানিব বিচাৰিছো যে ৰিয়া মুম্বাইৰ পুলিচৰ সম্পৰ্কত আছে নে নাই ৷” লগতে আই পি এছ বিষয়া বিনয় তিৱাৰীক কোৱাৰেন্টাইনৰ পৰা অনতিপলমে মুকলি কৰিবলৈ আহ্বান কৰে গুপ্তেশ্বৰ পাণ্ডেই ।

উল্লেখযোগ্য যে মুম্বাইৰ ডিচিপি পৰমজিৎ সিঙে এটা ব্যক্তিগত সংবাদ মাধ্যমত হোৱা সাক্ষাৎকাৰত কয় “হাৰিয়ানাৰ আৰক্ষীৰ জ্যেষ্ঠ আইপিএছ অ’পি সিং তথা সুশান্ত ভিনিহিয়েকে ফ্ৰেব্ৰুৱাৰীত ৰিয়াৰ ওপৰত হেঁচা প্ৰয়োগ কৰি সুশান্তৰ লগত থকা সম্পৰ্ক শেষ কৰোৱাবলৈ কৈছিল ৷ মই তেতিয়া তেওঁক ৰিয়াৰ বিৰুদ্ধে লিখিত এজাহাৰ দিবলৈ কৈছিলো” ৷

সম্প্ৰতি সুশান্ত সিং ৰাজপুত আত্মহত্যাৰ তদন্তই কেৱল ৰিয়া আৰু সুশান্তৰ পৰিয়ালতে সীমাবদ্ধ হৈ নাথাকি দুখন ৰাজ্যৰ মাজত হোৱা শীতল যুদ্ধলৈ পৰ্যবেক্ষিত হৈছে  ৷ এই তদন্তই শেষত কি ৰূপ ল’ব সেয়া হ’ব গুৰুত্বপূৰ্ণ ৷

Exit mobile version